তিনিচুকীয়া, 25 মে’ : সমগ্ৰ ৰাজ্যখনতে এচাম যুৱ প্ৰজন্মই সামাজিকভাৱে নিসিদ্ধ কানি,ভাং ,ড্ৰাগছকে আদি কৰি বিভিন্ন নিচাযুক্ত দ্ৰব্য সেৱন কৰি নিজৰ লগতে সমাজখনক অন্ধকাৰ দিশে গতি কৰাইছে৷ ঠিক সেই সময়তে ,গোপন সূত্ৰৰ পম দেখি দুলীয়াজান আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপজ্যোতি দত্তৰ নেতৃত্বত ডিগবৈ আৰক্ষীৰ অ চি নিকুঞ্জ বৰ্মনৰ সহযোগত মঙলবাৰে পুৱাৰ সময়তে ডিগবৈ চাৰিআলি পুলিচ পয়ন্টৰ সমীপত ৰে’ল কৰ্চিঙৰ কাষৰ চায়ৰা বেগম নামৰ মহিলাগৰাকীৰ বাসগৃহৰ পৰা ২৫ কিঃগ্ৰাঃ ভাং,৭৫ টা চিচি ভৰ্ত্তি ড্ৰাগছ আৰু নগদ ১ লাখ ৮০ হাজাৰ টকা জব্দ কৰাৰ লগতে বাসগৃহটোৰ গৰাকী চায়ৰা বেগম ,পুস্কি আলি আৰু শান্তনু বৰা নামৰ তিনিজন লোকক আটক কৰি দুলীয়াজান আৰক্ষী থানালৈ লৈ যায় ৷
আৰক্ষী বিষয়াজনে অৱগত কৰা অনুসৰি ,গোপন সূত্ৰৰ খবৰৰ ভিত্তিত সোমবাৰেও চায়ৰা বেগম নামৰ মহিলাগৰাকীৰ বাসগৃহত অভিযান চলাইছিল যদিও বাসগৃহৰ লোকসকলে পলায়ন কৰিবলৈ সক্ষম হয় ৷