তিনিচুকীয়া, 13 ফেব্ৰুৱাৰী: অৰ্ধশতাধিক কবিৰ অংশগ্ৰহণৰে জীপাল হ’ল ডিগবৈৰ প্ৰেছ ক্লাৱৰ বাকৰি (Digboi Press Club) ৷ তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ অন্তৰ্গত ডিগবৈ প্ৰেছ ক্লাৱৰ দ্বি-বাৰ্ষিক অধিৱেশন (Digboi press club conference) উপলক্ষে দেওবাৰে প্ৰেছ ক্লাৱত অনুষ্ঠিত হয় ‘মাঘৰ এটি কবিতাৰ দিন’ শীৰ্ষক এখনি কবি সমাৰোহ ৷ বিশিষ্ট কবি নিৰূপমা গোস্বামীৰ সঞ্চালনাত অনুষ্ঠিত হয় এই সমাৰোহ ৷
বিশিষ্ট সাহিত্যিক পূণ্য শইকীয়াই উদ্বোধন কৰা অনুষ্ঠানটোত তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ (Tinsukia Journalist Association) সভাপতি অনুজ কলিতা, সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগ বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে । অনুষ্ঠানৰ আৰম্ভণিতে তনুশ্ৰী শৰ্মাই বায়ন দীপাংকৰ শৰ্মাৰ সহযোগত এটি বৰগীতে পৰিৱেশন কৰে ৷ প্ৰায় দুকুৰিৰো অধিক কবিয়ে কবিতা পাঠ কৰি অনুষ্ঠানটি জীপাল কৰি তোলে ৷
উল্লেখ্য যে, শনিবাৰে অনুষ্ঠিত হোৱা ডিগবৈ প্ৰেছ ক্লাৱৰ সাধাৰণ সভাত আগন্তক কাৰ্যকালৰ বাবে ৰাজু হাজৰিকাক সভাপতি, সুজয় ভৌমিকক উপ-সভাপতি, মনোৰঞ্জন দাসক সাধাৰণ সম্পাদক, দীপাংকৰ শৰ্মাক সহকাৰী সম্পাদক, নজৰুল ইছলামক কাৰ্যালয় সম্পাদক, আৰমান আলীক কোষাধ্যক্ষ, বিনোদ বাগ্ৰা, দীনেশ গুপ্তা, বিষ্ণু ফুকন, ৰুণু হাজৰিকাক কাৰ্যনিৰ্বাহক সদস্য, ৰমনি বুঢ়াগোহাঁইক পদেন সদস্য হিচাবে লৈ ডিগবৈ প্ৰেছ ক্লাৱৰ 2023-2025 বৰ্ষৰ নতুন সমিতিখন গঠন কৰা হয় ৷