তিনিচুকীয়া, ১৩ জুলাই:প্রধানমন্ত্ৰী আৱাস যোজনাৰ (গ্রামীণ) অধীনত বৃহস্পতিবাৰে ৰাজ্যৰ ৩,০৭,৮১৪টা পৰিয়ালে একেলগে গৃহ প্ৰৱেশ কৰিলে । ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে তিনিচুকীয়া জিলাতো আজি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ (গ্ৰামীণ) অধীনত নৱ নিৰ্মিত গৃহৰ গৃহ প্ৰৱেশ কাৰ্যসূচী অনুষ্ঠিত কৰে । সেইমৰ্মে জিলাখনত প্ৰতিটো উন্নয়ন খণ্ডৰ অন্তৰ্গত অঞ্চলত ১৮৮৯ টা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ উদ্বোধন কৰে ৷ তিনিচুকীয়া সমষ্টিৰ বিধায়ক তথা শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে বৰডুবি গাঁও পঞ্চায়তত ১০ টাকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ উদ্বোধন কৰাৰ লগতে তিনিচুকীয়া বিধানসভাৰ সমষ্টিটোত আজি ৫৯ টা গৃহ উৎসৰ্গা কৰে ৷
এই গৃহসমূহ উৎসৰ্গা কৰাৰ পাছতে শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে দৰিদ্ৰ জনতাৰ কাৰণে আগবঢ়োৱা এনে আঁচনিৰ কাৰণে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে । তেওঁ হিতাধিকাৰীসকলৰ স’তে বাৰ্তালাপ কৰি আৱাসগৃহ পৰিদৰ্শন কৰে ৷ সমান্তৰালভাৱে জিলা উপায়ুক্ত স্বপ্নীল পালে গুইজান উন্নয়ন খণ্ডৰ বজালতলী গাঁও পঞ্চায়তৰ দিহিঙীয়া গাঁৱৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ (গ্ৰামীণ) নৱ-নিৰ্মিত গৃহৰ গৃহ প্ৰৱেশ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে । উপায়ুক্তগৰাকীয়ে নৱ-নিৰ্মিত গৃহটো পৰিদৰ্শন কৰি পৰিয়ালৰ লোকসকলৰ সৈতেও মত বিনিময় কৰে ।