ডুমডুমা,7 অক্টোবৰঃ মুখ্যমন্ত্ৰীৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত বুঢ়ীদিহিং মৌজাত মঙলবাৰে তিনিখনকৈ খেলপথাৰৰ আধাৰশিলা স্থাপন কৰা হয় । তিনিওখন খেলপথাৰৰ আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷ আঁচনিখনৰ অধীনত প্ৰতিখন খেল পথাৰৰ উন্নয়নৰ বাবে ২০ লাখকৈ টকাৰ আবণ্টন দিছে ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগে ৷
কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ দ্বাৰা তিনিখনকৈ খেলপথাৰৰ আধাৰশিলা স্থাপন - বুঢ়ীদিহিঙত তিনিখন
মুখ্যমন্ত্ৰীৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত 20 লাখ টকা ব্যয় সাপেক্ষে বুঢ়ীদিহিঙত তিনিখনকৈ খেল পথাৰৰ আধাৰশিলা স্থাপন ৷ আধাৰশিলা স্থাপন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷
![কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ দ্বাৰা তিনিখনকৈ খেলপথাৰৰ আধাৰশিলা স্থাপন playground Stone laid at dumduma buridihing](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9080816-1101-9080816-1602052288558.jpg)
তিনিখনকৈ খেলপথাৰৰ আধাৰশিলা স্থাপনঃ ৰামেশ্বৰ তেলীৰ
ইপিনে আধাৰশিলা স্থাপন অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ সৈতে উপস্থিত থাকে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সদস্য সচিব লক্ষ্য কোঁৱৰ, ৰাজ্যিক বিজেপিৰ উপ-সভাপতি পুলক গোঁহাইৰ লগতে ক্ৰীড়া বিভাগৰ সঞ্চালক ডি কে মিলি ৷
লগতে পঢ়কঃ নৱেম্বৰত সম্পন্ন হ'ব COVAXINৰ অন্তিম পৰ্যায়ৰ পৰীক্ষণ