তিনিচুকীয়া, 25 ফেব্ৰুৱাৰী :তিনিচুকীয়াৰ লাংকাচি গাঁৱত ক'ক' গছ (চকলেট) পুলিৰ ৰোপণ । উজনি অসমৰ লাংকাচি গাঁৱত পোন প্ৰথমবাৰৰ বাবে ৰোপণ হৈছে এই ক'ক' গছ । ক'ক' গছ ৰোপণৰ পৰা খেতিয়কসকলে অতি লাভাম্বিত হ’বলৈ সক্ষম হ'ব । ইটাখুলি উন্নয়ন খণ্ডৰ সৌজন্যত এম জি এনৰেগা আঁচনিৰ স্বনিৰ্ভৰ নাৰী আত্মনিৰ্ভৰ অসমৰ অধীনত বৃহস্পতিবাৰে তিনিচুকীয়াৰ লাংকাচি গাঁৱত খেতিয়কসকলে হৰেশ্বৰ ফুকন আৰু লক্ষ্মীনাথ চেতিয়াৰ প্ৰচেষ্টাত ক'ক' (চকলেট গছ) ৰোপণৰ(Plantation of Cacao tree in Tinsukia) কাৰ্যসূচী ৰূপায়ণ কৰে ।
শ্ৰম আৰু চাহ জনজাতি কল্যাণ দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিষাণ (Tea Tribes and Labour Welfare Minister Sanjay Kishan) উপস্থিত থাকি গছ পুলি ৰোপণ কৰে । মন্ত্ৰী কিষাণে সংবাদ মাধ্যমৰ আগত জনায় যে, স্বনিৰ্ভৰ অসম গঢ় দিবলৈ আৰু নিবনুৱাক সংস্থাপিত কৰিব পৰাকৈ অনাগত দিনত তিনিচুকীয়াৰ বিভিন্ন ঠাইত এই ক'ক' (চকলেট গছ) ৰ প্ৰদান কৰিব । অৰুণ মৰাণৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত কৃষি বিভাগৰ সহকাৰী পৰিদৰ্শক পুলক গগৈ, জিলা পৰিষদৰ বিষয়ববীয়া, কেইবাগৰাকী চৰকাৰী বিষয়া, লাংকাচি গাঁৱৰ বিভিন্ন মহিলা গোটৰ বিষয়ববীয়াসকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ।