অসম

assam

ETV Bharat / state

আখলত ব্যস্ত তিনিচুকীয়াৰ পিঠা বাইদেউ - preparing assamese snacks

অসমৰ বিভিন্ন প্ৰান্তত বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি। তিনিচুকীয়া জিলাৰ পিঠা বাইদেউ ৰূপে খ্যাত মহিলা গৰাকী ব্য়স্ত হৈ পৰিছে বিভিন্ন ধৰণৰ পিঠা-পনা প্ৰস্তুত কৰাত ৷ কেৱল বিহু বুলিয়েই নহয় পিঠা বাইদেউৱে গোটেই বছৰজুৰি পিঠা-পনা বনোৱাত ব্যস্ত হৈ থাকে ।

আখলত ব্যস্ত তিনিচুকীয়াৰ পিঠা বাইদেউ
আখলত ব্যস্ত তিনিচুকীয়াৰ পিঠা বাইদেউ

By

Published : Apr 9, 2021, 9:44 PM IST

তিনিচুকীয়া,9 এপ্ৰিল:অসমৰ বিভিন্ন প্ৰান্তত বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি। কোনোৱে যদি ব্যস্ত বিহুৰ আখৰাত, কোনোৱে আকৌ তাঁতৰ শালত, কোনোৱে বজাৰ কৰাত। কিন্তু ইয়াৰ সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে তিনিচুকীয়া জিলাৰ পিঠা বাইদেউ ৰূপে খ্যাত মহিলা গৰাকীৰ বিভিন্ন ধৰণৰ পিঠা-পনাৰ আয়োজন।

উল্লেখযোগ্য যে,২০০১ চনৰ পৰাই পিঠা-পনা বনাই নিজকে স্বাৱলম্বী কৰিবলৈ সক্ষম হৈছে তিনিচুকীয়াৰ পিঠা বাইদেউৱে। সমগ্ৰ অসমতে নিজৰ পৰিচয় দাঙিবলৈ ধৰিবলৈ সক্ষম হৈছে তিনিচুকীয়া গুঁইজান অঞ্চলৰ বাসিন্দা পিঠা বাইদেউৱে।

আখলত ব্যস্ত তিনিচুকীয়াৰ পিঠা বাইদেউ

বাইদেউ গৰাকীয়ে পিঠা বনোৱাৰ লগতে লাৰু, সান্দহ,পানীটেঙা,খাৰলী,কোমল চাউল,হুকুম ইত্যাদি বনাই অসমৰ লগতে বহি:ৰাজ্যত বিক্ৰি কৰি নিজৰ লগতে স্থানীয় নিবনুৱা যুৱতীসকলকো স্বাৱলম্বী কৰিবলৈ সক্ষম হৈছে ।

উল্লেখযোগ্য যে, বাইদেউৰ লগতে প্ৰায় ১০ গৰাকীতকৈ অধিক যুৱতী আত্মনিৰ্ভৰশীল হ'বলৈ সক্ষম হৈছে । কেৱল বিহু বুলিয়েই নহয় পিঠা বাইদেউৱে গোটেই বছৰজুৰি পিঠা-পনা বনোৱাত ব্যস্ত হৈ থাকে।

এই গৰাকী পিঠা বাইদেউৰ সম্পূৰ্ণ নাম হৈছে ৰূপী গগৈ । পিঠা বনোৱাৰ বাবে ৰূপী গগৈক তিনিচুকীয়া জিলাৰ লগতে সমগ্ৰ অসমৰ ৰাইজৰ মাজত পিঠা বাইদেউ নামেৰে পৰিচিত ।

লগতে পঢ়ক:নাহৰেই আনিলে অসমীয়াৰ পদূলীত ব’হাগৰ সুবাস

ABOUT THE AUTHOR

...view details