তিনিচুকীয়া,২৮ এপ্ৰিল: অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ চৌখামৰ তেলৰ ডিপোত কোনে সংঘটিত কৰিলে অপহৰণকাণ্ড ? তাকে লৈ তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে সমগ্ৰ নামচাই জিলাখনৰ লগতে কাষৰীয়া অঞ্চলসমূহত (Kidnapping at Namsai) । নামচাই জিলাৰ চৌখামৰ জেড পি এম(Zila Parishad Member) জেনিয়া নামৰ লোকজনৰ মালিকানাধীন ভাৰত পেট্ৰ’লিয়ামৰ তেল ডিপোৰ পৰা বুধবাৰে নিশা প্ৰায় ৭.৫০ বজাত ডিপোটোৰ কৰ্মচাৰী বিহাৰৰ দীনেশ শৰ্মাক ৩ অস্ত্ৰধাৰী এটা দলে অপহৰণ কৰি নিয়াৰ পাচতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰাৰ লগতে কাষৰীয়া বনাঞ্চলসমূহত অব্যাহত ৰাখিছে অভিযান ।
ইফালে, অপহৰণ কৰি খোজকাঢ়ি লৈ যোৱাৰ সময়ত জেড পি এম গৰাকীৰ বাহনৰ চালক মিঠাই মাৰাণ্ডীয়ে অপহৰণকাৰীৰ ওপৰত ফ্লেছ লাইটৰ পোহৰ দিবলৈ চেষ্টা কৰাত তিনি জাঁই গুলীচালনা কৰে দলটোৱে, ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় মাৰাণ্ডী (Petrol Pump Cashier Kidnapped at Namsai) ৷ পৰৱৰ্তী সময়ত আহত মাৰাণ্ডীক সংকটজনক অৱস্থাত নিশাই নামচাই চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ কাৰণে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে (Kidnapping at Arunachal) ৷
পৰৱৰ্তী সময়ত নামচাইৰ চৌখামৰ ভাৰত পেট্ৰ'লিয়ামৰ তেলৰ ডিপোটোত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী উপস্থিত হৈ গোপন কেমেৰাৰ দৃশ্য সংগ্ৰহ কৰি আৰম্ভ কৰে তদন্ত । তাৰ সমান্তৰালভাৱে আৰক্ষী-অৰ্ধসামৰিক বাহিনীয়ে বিভিন্ন স্থানত নাকা চেকিঙৰ ব্যৱস্থা কৰিছে যাতে অপহৰণকাৰী দলটোৱে পলায়ন কৰিব নোৱাৰে । লগতে কাষৰীয়া ঘন বনাঞ্চলসমূহতো চলাইছে অপহৰণকাৰী দলটোৰ বিৰুদ্ধে অভিযান ৷