তিনিচুকীয়া,11 জানুৱাৰী: 21 টাকৈ দিন অতিক্ৰম কৰিলে লাইকা-দধিয়াবাসীৰ প্ৰতিবাদে ৷ কিন্তু ইয়াৰ পাছতো প্ৰতিবাদকাৰী সকলৰ দাবীৰ প্ৰতি কোনোধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই ৰাজ্য চৰকাৰে ৷ দীৰ্ঘদিনীয়া প্ৰতিবাদৰ পাছতো চৰকাৰৰ পৰা কোনোধৰণৰ ইতিবাচক সঁহাৰি লাভ কৰিবলৈ সক্ষম নোহোৱাত অৱশেষত ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান কাটি গাঁও নিৰ্মাণ কৰাৰ হুংকাৰ প্ৰদান কৰিছে লাইকা-দধিয়াবাসীয়ে ৷ অহা 20 জানুৱাৰীৰ ভিতৰত লাইকা-দধিয়াবাসী ৰাইজক পুনৰ সংস্থাপন নিদিলে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান কাটি তহিলং কৰাৰ হুংকাৰ প্ৰদান কৰিছে ৰাইজে ৷
এই সন্দৰ্ভত সোমবাৰে তিনিচুকীয়াৰ বৰগুৰি জানমুখ লেজাইহুলাত এক ৰাজহুৱা সংবাদমেল আয়োজন কৰে লাইকা-দধিয়াবাসী ৰাইজে ৷ সংবাদমেলৰ জড়িয়তে তিনিচুকীয়াৰ টিংকুপানী,ঔগুৰি,মামৰণী আৰু পাহাৰপুৰত ৰাইজক পুনৰ সংস্থাপন দিয়াৰ দাবী লাইকা-দধিয়াবাসীৰ ৷ লগতে তিনিটা মুখ্য দাবীৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে প্ৰতিবাদকাৰী সকলে ৷