মাৰ্ঘেৰিটা, 5 নৱেম্বৰঃ ডিগবৈৰ ইণ্ডিয়ান অইল কৰ্পৰেশ্যনৰ শোধনাগাৰৰ বিৰুদ্ধে প্ৰতিবাদ ৰাইজৰ ৷ নাজিৰাটিং পানী যোগান প্ৰকল্প অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে ৷
ইণ্ডিয়ান অইল কৰ্পৰেশ্যনৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ ডিগবৈত - ইণ্ডিয়ান অইল কৰ্পৰেশ্যনৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ ডিগবৈত
এইবাৰ ইণ্ডিয়ান অইলৰ ডিগবৈস্থিত শোধনাগাৰৰ বিৰুদ্ধে প্ৰতিবাদত নামিল ডিগবৈৰ ৰাইজ ৷ স্থানীয় নাজিৰাটিং পানী যোগান আঁচনিৰ অধীনত অঞ্চলবাসী ৰাইজক নিয়মীয়া পানী যোগানৰ দাবীতে প্ৰতিবাদ ৰাইজৰ ৷
ইণ্ডিয়াই অইল কৰ্পৰেশ্বনৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ
দীৰ্ঘদিন ধৰি খোৱা-পানীৰ নামত সমস্যাত ভুগি আহিছিল স্থানীয় ৰাইজ ৷ যাৰ বাবে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে ইণ্ডিয়ান অইল কৰ্পৰেশ্যনৰ বিৰুদ্ধে ৷ কিয়নো শোধনাগাৰ কৰ্তৃপক্ষৰ অধীনত থকা নাজিৰাটিং পানী যোগান প্ৰকল্পটোৰ পৰা অনিয়মীয়াকৈ যোগান ধৰি অহা হৈছিল পানী ৷ ইয়াৰ উপৰিও আন বহুকেইটা দিশত শোধনাগাৰটোৱে স্থানীয় ৰাইজক অসুবিধা প্ৰদান কৰি আহিছিল ৷ ইয়াৰ ফলতেই এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ৷
লগতে পঢ়কঃ ভৰলুমুখত ড্ৰাগছ সহ মহিলা সৰবৰাহকাৰী আটক
Last Updated : Nov 6, 2019, 9:28 AM IST