অসম

assam

ETV Bharat / state

সাহায্যৰ পৰা বঞ্চিত তিনিচুকীয়াৰ মুলান পথাৰ গাঁও - people of mulan pathar deprived from relief

লক ডাউনৰ ২১ দিনতো সাহায্যৰ পৰা বঞ্চিত হৈ আছে তিনিচুকীয়া জিলাৰ ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত মুলান পথাৰ গাঁৱৰ প্ৰায় ৫০ টা দৰিদ্ৰ পৰিয়ালে ।

people of mulan pathar deprived from relief
people of mulan pathar deprived from relief

By

Published : Apr 14, 2020, 1:30 PM IST

ডুমডুমা, 14 এপ্ৰিলঃতিনিচুকীয়া জিলাৰ ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত এটা অঞ্চলৰ প্ৰায় ৫০ টাকৈ দৰিদ্ৰ পৰিয়াল আজিও বঞ্চিত হৈ আছে সাহায্যৰ পৰা । প্ৰাপ্ত তথ্য অনুসৰি, সমষ্টিটোৰ অন্তৰ্গত হাঁহচৰা গাঁও পঞ্চায়তৰ মুলান পথাৰ গাঁৱৰ লোকসকলে, লক ডাউনৰ ২১ দিনতো পোৱা নাই সাহায্যৰ নামত এমুঠি চাউল । দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা মুলান পথাৰৰ একাংশ লোকে হাহাকাৰ কৰিবলগীয়া হৈছে এমুঠি অন্নৰ বাবে । উল্লেখ্য যে, প্ৰায় ৫০টা দৰিদ্ৰ পৰিয়ালে বাস কৰা মুলান পথাৰৰ কাষতেই আছে বহুজাতিক প্ৰতিষ্ঠান হিন্দুস্তান ইউনিলিভাৰCorporate Social Responsibility নীতিৰ আধাৰত বহুজাতিক প্ৰতিষ্ঠানসমূহে ভিন্ন সময়ত সাহায্য প্ৰদান কৰি আহিছে যদিও, এই পৰ্যন্ত হিন্দুস্তান ইউনিলিভাৰৰ তৰফৰ পৰা মুলান পথাৰৰ বাসিন্দা সকলে কোনো ধৰণৰ সহায় পোৱা নাই বুলি উল্লেখ কৰে স্থানীয় লোকে ।

লক ডাউনৰ 21 দিনতো সাহায্যৰ পৰা বঞ্চিত তিনিচুকীয়াৰ মুলান পথাৰ গাঁও

ABOUT THE AUTHOR

...view details