তিনিচুকীয়া,২০ নৱেম্বৰ :সদৌ অসম ছাত্ৰ সন্থাৰ (All Assam Student Union) বিৰুদ্ধে এইবাৰ জাঙুৰ খাই উঠিল তিনিচুকীয়াৰ বাঘজানবাসী । আছুৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাৰ (Sankar Jyoti Barua) বিৰুদ্ধে সৰৱ হৈ পৰিল বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘ । বাঘজান গাঁও প্ৰাথমিক বিদ্যালয়ৰ ৰাজহুৱা প্ৰেক্ষাগৃহত সংঘৰ উদ্যোগত সংবাদমেলৰ আয়োজন কৰা হয় । বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘই সংবাদমেল সম্বোধন কৰি যোৱা ১৭ নৱেম্বৰত অসমৰ এখন বাতৰি কাকতত প্ৰকাশিত আছুৰ (AASU) সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাৰ মন্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।
বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘৰ উপদেষ্টা হিমন্ত মৰাণে আছু সম্পাদকগৰাকীৰ মন্তব্যক ধিক্কাৰ জনোৱাৰ লগতে ভৱিষ্যতে বাঘজান কাণ্ডৰ (Baghjan Incident) ওপৰত অধ্যয়ন নকৰাকৈ কোনোধৰণৰ মন্তব্য আগবঢ়োৱাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনায় । বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘৰ উপদেষ্টা মনোজ হাজৰিকাই উক্ত বিষয়ৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে আছুৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাই যেনেধৰণৰ মন্তব্য দাঙি ধৰিছে তেওঁ যেন এগৰাকী অইলৰ মুখপাত্ৰহে । তেওঁ আচলতে অসম বিৰোধী বুলি কাক সজাব বিচাৰিছে অতি সোনকালে স্পষ্ট কৰিব লাগে বুলি সংঘৰ উপদেষ্টাগৰাকীয়ে দাবী কৰে ।
লগতে অইল ইণ্ডিয়া লিমিটেডে বন, পানী, জলবায়ুৰ ক্ষেত্ৰত থকা বহু আইন ভংগ কৰি কাম কৰি আহিছে । তেনে ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাই কিয় নীৰৱ ভূমিকা পালন কৰিছে বুলিও প্ৰশ্ন উত্থাপন কৰে মনোজ হাজৰিকাই । বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘ আৰু বাঘজানবাসী ৰাইজে অইল বিৰোধী নহয় বুলিও তেওঁলোকে সংবাদমেলৰ জৰিয়তে স্পষ্ট কৰি দিয়ে ।