শদিয়া, 30 আগষ্ট: শদিয়া সমষ্টিৰ কাকপথাৰ ডিৰাকৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা সৰুমেচাই (কুৰুকানী) গাঁও সংযোগী ঘাইপথৰ জৰাজীৰ্ণ অৱস্থাই জীয়াতু ভোগাইছে স্থানীয় ৰাইজক ৷ পথ নহয় যেন একো একোটা দ পুখুৰীহে ৷ ছাত্ৰ-ছাত্ৰী বিদ্যালয়লৈ যোৱাৰ সময়ত দুৰ্ভোগ ভুগি অহাৰ লগতে, স্থানীয় কোনো লোক টান নৰিয়াত পৰিলে চিকিৎসালয়লৈ নিয়াতো বহু অসুবিধাৰ সন্মুখীন হৈ আহিছে স্থানীয় লোক ৷ মুঠতে বৃহত্তৰ অঞ্চলটোৰ স্থানীয় লোকৰ নিত্ত-নৈমিত্তিক জীৱন ধাৰণ প্ৰণালীত এক বিৰাম প্ৰদান কৰিছে পথটোৱে ৷
জৰাজীৰ্ণ পথে জ্বলাকলা খুৱাইছে শদিয়াৰ সৰুমেচাইবাসীক - জৰাজীৰ্ণ পথ
শদিয়া সমষ্টিৰ কাকপথাৰ ডিৰাকৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা সৰুমেচাই (কুৰুকানী) গাঁও সংযোগী ঘাইপথৰ জৰাজীৰ্ণ অৱস্থাই, স্থানীয় লোকৰ নিত্ত-নৈমিত্তিক জীৱন ধাৰণ প্ৰণালীত এক বিৰাম প্ৰদান কৰিছে ৷ শীঘ্ৰেই পথটো নিৰ্মাণৰ দাবী ৰাইজৰ ৷
জৰাজীৰ্ণ পথ
বাৰিষাৰ আগমনৰ লগে-লগে কদৰ্যময় হৈ উঠা পথটোৰ বাবে দীৰ্ঘদিনে অসুবিধাৰ সন্মুখীন হৈ অহা ৰাইজে সম্প্ৰতি ক্ষোভ প্ৰকাশ কৰিছে শাসনাধীন চৰকাৰৰ বিৰুদ্ধে ৷ অতি শীঘ্ৰেই পথটো মেৰামতিৰ বাবে ৰাইজে সংবাদ মাধ্যমযোগে দাবী জনাইছে চৰকাৰক ৷ যদিহে পথটো অতি শীঘ্ৰেই মেৰামতি নকৰে তেন্তে আগন্তুক দিনত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি সংবাদ মাধ্যমযোগে সকীয়নি প্ৰদান কৰে স্থানীয় ৰাইজে ৷
লগতে পঢ়ক:ৰঙিয়াৰ এখন বিশেষ দলঙেৰে পাৰ হ’লে ৰাইজে দিবলগীয়া হয় ভাড়া