তিনিচুকীয়া, 24 মে’ : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত দুৱাৰমৰা গাঁও পঞ্চায়তৰ ২ নং নলনী গাঁৱৰ বাট-পথসমূহৰ বিধ্বস্ত আৰু জৰাজীৰ্ণ অৱস্থাই স্থানীয় লোকক জলা-কলা খুৱাইছে ৷ অতিকৈ পিছপৰা তথা অনুন্নত মৌজা হিচাপে পৰিচিত বুঢ়ীদিহিং মৌজাৰ দুৱাৰমৰা পঞ্চায়তৰ অন্তৰ্গত অধিকাংশ বাট পথ বাৰিষাৰ সময়ত যাতায়তৰ বাবে অনুপযোগী হৈ পৰে । এজাক বৰষুণতেই পথৰ মাজত গাঁত হৈ পৰা অংশসমূহত পানী জমা হৈ পথাৰ তথা পুখুৰী সদৃশ ৰূপ লয় । যাৰবাবে বাৰিষাৰ সময়ত এই পথেদি যাতায়ত কৰাটো গাঁওবাসীৰ বাবে এক প্ৰকাৰৰ যমৰ-যাতনা ভোগ কৰাৰ দৰেই হৈ পৰে ।
নলনী-দুৱাৰমৰা গাঁৱৰ বিধ্বস্ত পথে জীয়াতু ভোগাইছে ৰাইজক - পথাৰত উৎপাদিত সামগ্ৰী
বিধ্বস্ত বাট-পথে জলা-কলা খুৱাইছে মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত দুৱাৰমৰা গাঁও পঞ্চায়তৰ ২ নং নলনী গাঁৱৰ ৰাইজক ৷ অতিকৈ পিছপৰা তথা অনুন্নত মৌজা হিচাপে পৰিচিত বুঢ়ীদিহিং মৌজাৰ দুৱাৰমৰা পঞ্চায়তৰ অন্তৰ্গত অধিকাংশ বাট পথেই বাৰিষাৰ সময়ত হৈ পৰে যাতায়তৰ বাবে অনুপযোগী ।
![নলনী-দুৱাৰমৰা গাঁৱৰ বিধ্বস্ত পথে জীয়াতু ভোগাইছে ৰাইজক DOOMDOOMA BAD ROAD](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11873900-thumbnail-3x2-tnk.jpg)
নলনী-দুৱাৰমৰা গাঁৱৰ বিধ্বস্ত পথে জীয়াতু ভোগাইছে ৰাইজক
নলনী-দুৱাৰমৰা গাঁৱৰ বিধ্বস্ত পথে জীয়াতু ভোগাইছে ৰাইজক
নলনী গাঁৱৰ ৰাইজে ৰোগীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা, পথাৰত উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে বজাৰলৈ নিয়া আদি বিভিন্ন ক্ষেত্ৰত বিভিন্ন সময়ত বিধ্বস্ত পথটোৰ বাবে সমস্যাৰ সন্মুখীন হৈ আহিছে ৷ অঞ্চলটোৰ যাতায়তৰ একমাত্ৰস্থল পথটো শীঘ্ৰে পুনৰ নিৰ্মাণ কৰি দিয়াৰ বাবে মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাক আহ্বান জনাইছে স্থানীয় লোকে ।
লগতে পঢ়ক :ঘূৰ্ণী বতাহ য়াছ : সাজু 11 খন হেলিকপ্তাৰ আৰু 25 খন বিমান