ডুমডুমা, 8 মে' : ফিল'বাৰীত স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপ ৷ নিৰ্মানৰ পাছতো মুকলি নহ'ল উপস্বাস্থ্য কেন্দ্ৰ ৷
ডুমডুমা বিধানসভা সমষ্টিৰ অন্তৰ্গত ফিল'বাৰীৰ টঙানী সোণজানৰ লগতে কেইবাখনো গাঁৱৰ ৰাইজৰ সুবিধাৰ্থে ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযানৰ অধীনত 2014 চনতেই ফিল'বাৰীৰ টঙানী সোণজানত নিৰ্মান কৰা হৈছিল এটা উপ-স্বাস্থ্য কেন্দ্ৰ ৷ কিন্তু পৰিতাপৰ বিষয় যে, 2014 চনতেই নিৰ্মান সম্পূৰ্ণ হোৱাৰ পাছতো উপ-স্বাস্থ্য কেন্দ্ৰটো ৰাইজৰ সেৱাত মুকলি কৰা নহ'ল । যাৰ পৰিপেক্ষিতত বৰ্তমান ভূত বাংলাত পৰিনত হৈছে উপ-স্বাস্থ্য কেন্দ্ৰটো ৷
আনকি নিৰ্মান কৰাৰ পিছত ব্যৱহাৰ নোহোৱাৰ বাবে জহি-খহি গৈছে স্বাস্থ্য কেন্দ্ৰটোৰ আচবাব ৷