ডুমডুমা,8 ফেব্ৰুৱাৰীঃবুধবাৰে পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত ইমথেমত এগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰা ঘটনাক কেন্দ্ৰ কৰি শুকুৰবাৰে বিয়লি উত্তপ্ত হৈ পৰে পেঙেৰী আৰক্ষী থানা ৷ পেঙেৰী অঞ্চলৰ শতাধিক মহিলাই থানা চৌহদত উপস্থিত হৈ সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতি ৷ ঘটনাত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে বুধেশ্বৰ গগৈ নামৰ ধৰ্ষণকাৰীজনক গ্ৰেপ্তাৰ কৰিছিল ৷ কিন্তু,ধৰ্ষণ কাণ্ডটোৰ অন্যতম অভিযুক্ত গোলাপ গগৈক শুকুৰবাৰে গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী সক্ষম হয় যদিও কাণ্ডটোৰ লগত জড়িত আন অভিযুক্তসকল বৰ্তমান পলাতক অৱস্থাত আছে ৷ ধৰ্ষণকাৰীসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি ফাঁচী দিবলৈ আৰক্ষীক দাবী জনায় অঞ্চলটোৰ শতাধিক মহিলাই ৷
দলবদ্ধ ধৰ্ষণক কেন্দ্ৰ কৰি উত্তপ্ত পেঙেৰী থানা - pengeri rape and murder
তিনিচুকীয়াৰ ইমথেমত এগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰা ঘটনাক কেন্দ্ৰ কৰি শুকুৰবাৰে বিয়লি উত্তপ্ত হৈ পৰে পেঙেৰী আৰক্ষী থানা ৷ পেঙেৰী অঞ্চলৰ শতাধিক মহিলাই থানা চৌহদত উপস্থিত হৈ সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতি ৷ ঘটনাত জড়িতৰ অভিযোগত আৰক্ষীয়ে বুধেশ্বৰ গগৈ নামৰ ধৰ্ষণকাৰীজনক গ্ৰেপ্তাৰ কৰিছিল ৷ কিন্তু,ধৰ্ষণ কাণ্ডটোৰ অন্যতম অভিযুক্ত গোলাপ গগৈক শুকুৰবাৰে গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী সক্ষম হয় ৷
![দলবদ্ধ ধৰ্ষণক কেন্দ্ৰ কৰি উত্তপ্ত পেঙেৰী থানা ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5998842-thumbnail-3x2-a.jpg)
ধৰ্ষণক কেন্দ্ৰ কৰি উত্তপ্ত পেঙেৰী
ধৰ্ষণক কেন্দ্ৰ কৰি উত্তপ্ত পেঙেৰী
উল্লেখ্য যে,বুধবাৰে নিশা ভাওনাৰ আখৰাৰ পৰা ঘৰলৈ ঘূৰি অহাৰ সময়তে একাংশ লোকৰ কামনাৰ বলি হৈ কৰুণ মৃত্যুক সাৱটি লৈছিল ৪৫ বছৰীয়া মহিলাগৰাকীয়ে । ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ পেঙেৰী অঞ্চলত বৰ্তমান তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে ৷