তিনিচুকীয়া, 8 ফেব্ৰুৱাৰীঃবুধবাৰে পেঙেৰী আৰক্ষী চকীৰ অন্তৰ্গত ইনথেমত এগৰাকী বিবাহিত মহিলাক দলবদ্ধ ধৰ্ষণৰ পিচত হত্যা কৰা ঘটনাক কেন্দ্ৰ কৰি শুকুৰবাৰে বিয়লি উত্তপ্ত হৈ পৰিছিল পেঙেৰী থানা চৌহদ ৷ আজি পুনৰ পেঙেৰী অঞ্চলৰ একাংশ মহিলাই প্ৰতিবাদ সাব্যস্ত কৰে পেঙেৰী থানা চৌহদত ৷ ঘটনা সংঘটিত হোৱাৰ দিনাই আৰক্ষীয়ে বুধেশ্বৰ গগৈ নামৰ এগৰাকী অভিযুক্তৰ লগতে, আন এগৰাকী অভিযুক্ত গোলাপ গগৈকো গ্ৰেপ্তাৰ কৰিছে যদিও, এই দলবদ্ধ ধৰ্ষণৰ ঘটনাৰ লগত জড়িত আন কেইবাজনো অভিযুক্তক এই পৰ্যন্ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰাক লৈ সৰৱ হৈ পৰে পেঙেৰী অঞ্চলৰ একাংশ মহিলা ৷
পেঙেৰী ধৰ্ষণকাণ্ড: আটাইকেইজন অভিযুক্তৰ শাস্তিৰ দাবীত মহিলাৰ বৃহৎ প্ৰতিবাদ - পেঙেৰীত শতাধিক মহিলাৰ প্ৰতিবাদ
তিনিচুকীয়াৰ পেঙেৰীত এগৰাকী বিবাহিত মহিলাৰ ধৰ্ষণৰ ঘটনাৰ লগত জড়িত আটাইকেইজন অভিযুক্তক আৰক্ষীয়ে এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰি নোৱাৰা বিষয়ক লৈ শনিবাৰে অঞ্চলটোৰ শতাধিক মহিলাই পেঙেৰী আৰক্ষী চকী চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে ৷
একাংশ মহিলাৰ প্ৰতিবাদ