তিনিচুকীয়া,13 নৱেম্বেৰঃযোৱা ১১ তাৰিখে সন্ধিয়া তিনিচুকীয়া জিলাৰ কাকপথাৰত এক শোকাৱহ পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আকোঁৱালি লোৱা কাকপথাৰ প্ৰতিদিন টাইমৰ নিষ্ঠাবান সংবাদদাতা পৰাগ ভূঞাৰ অত্মাৰ চিৰশান্তি কামনাৰে শুকুৰবাৰে সন্ধিয়া তিনিচুকীয়া প্ৰেছ ক্লাৱৰ উদ্যোগত, প্ৰেছ ক্লাৱৰ চৌহদত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে ।
তিনিচুকীয়া প্ৰেছ ক্লাৱত প্ৰয়াত সাংবাদিক পৰাগ ভূঞালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন - দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আকোঁৱালি
দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আকোঁৱালি লোৱা সাংবাদিক পৰাগ ভূঞাৰ আত্মাৰ সদগতি কামনাৰে তিনিচুকীয়া প্ৰেছ ক্লাৱত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ।
![তিনিচুকীয়া প্ৰেছ ক্লাৱত প্ৰয়াত সাংবাদিক পৰাগ ভূঞালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন parag bhuyan accident and death tribute by tinisukia press clube](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9539130-982-9539130-1605286680782.jpg)
তিনিচুকীয়া প্ৰেছ ক্লাৱত প্ৰয়াত সাংবাদিক পৰাগ ভূঞালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে তিনিচুকীয়া প্ৰেছ ক্লাৱৰ সভাপতি সম্পাদকৰ লগতে তিনিচুকীয়া চহৰখনৰ বহুকেইগৰাকী সংবাদকৰ্মীয়ে ।
লগতে পঢ়কঃ পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত ৰাহুল গান্ধীৰ টুইট