অসম

assam

ETV Bharat / state

কাকপথাৰত ছাত্ৰ-ছাত্ৰীক বহী-কলম বিতৰণ

কাকপথাৰত সদৌ মৰাণ ছাত্ৰ সন্থা আৰু ডিৰাক উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰিলে কলম, বহী ৷ ছাত্ৰ-ছাত্ৰীসকলে যাতে পঢ়াৰ পৰা আঁতৰি নগৈ বৰঞ্চ পঢ়াৰ প্ৰতি আগ্ৰহী হয় তাৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা হয় এই পদক্ষেপ ৷

paper-pen distribution among student
paper-pen distribution among student

By

Published : May 7, 2020, 8:30 PM IST

শদিয়া, 7 মে' : সমগ্ৰ দেশত এতিয়া লক্ ডাউন ৷ ফলত মাৰ্চ মাহৰ মাজভাগৰ পৰা পাঠদান বন্ধ হৈ আছে ৰাজ্যৰ বিদ্যালয়সমূহত । ‍বছৰৰ আৰম্ভণিতে সৃষ্টি হোৱা এই পৰিস্থিতিৰ বাবে এতিয়া সমস্যাত পৰিছে শিক্ষাৰ্থী তথা অভিভাৱক সকল ৷ ৰাজ্যৰ শিক্ষা বিভাগে আৰম্ভ কৰিছে ডিজিটেল ক্লাছৰ ব্যৱস্থা । হোৱাৰ্টএপ, ফোন কল, ভিডিঅ’ কল আদিৰ মাধ্যমেৰে ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিবলৈ শিক্ষা বিভাগে চেষ্টা অব্যাহত ৰাখিছে যদিও ইয়াৰ জৰিয়তে সকলো ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব পৰা নাই । কাৰণ দৰিদ্ৰ ছাত্ৰ ছাত্ৰী সকলৰ হাতত এনদ্ৰইড ফোন মজুত নাই আৰু ক্ৰয় কৰাটোও সম্ভৱ নহয় ।

ছাত্ৰ-ছাত্ৰীসকলে যাতে পঢ়াৰ পৰা আঁতৰি নগৈ বৰঞ্চ পঢ়াৰ প্ৰতি আগ্ৰহী হয় তাৰ প্ৰতি লক্ষ্য ৰাখি সদৌ মৰাণ ছাত্ৰ সন্থা, ডিৰাক আঞ্চলিক সমিতি আৰু ডিৰাক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যৌথ উদ্যোগত বৃহস্পতিবাৰে তিনিচুকীয়া জিলাৰ কাকপথাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত সৰুমেচাই গাঁৱৰ প্ৰায় ৮০ শতাংশ ছাত্ৰ-ছাত্ৰীক বহী আৰু কলম প্ৰদান কৰা হয় ।

কাকপথাৰত ছাত্ৰ-ছাত্ৰীক বহী-কলম বিতৰণ

ইয়াৰ লগতে কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা কেনেদৰে হাত সাৰি থাকিব পাৰি আৰু পঢ়াৰ ক্ষেত্ৰত কেনেদৰে মনোযোগ দিব লাগে তাৰ বিষয়ে ডিৰাক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহ শিক্ষক দেবেন চেতিয়াই অৱগত কৰে ছাত্ৰ-ছাত্ৰীক । সামাজিক দূৰত্ব বজাই ৰাখি অনুষ্ঠিত কৰা অনুষ্ঠানটি আঁত ধৰে সদৌ মৰাণ ছাত্ৰ-সন্থাৰ, ডিৰাক আঞ্চলিক সমিতিৰ সভাপতি চৌবিক মৰাণে ।

লগতে পঢ়ক : অধ্য়াপিকা ৰূপাৰাণী ভূঞা কাণ্ডৰ নতুন মোৰঃ চিৰাঙৰ পৰা গ্ৰেপ্তাৰ এজন

ABOUT THE AUTHOR

...view details