অসম

assam

By

Published : Jun 4, 2021, 9:02 PM IST

ETV Bharat / state

তিনিচুকীয়াত দুৰ্নীতিৰ অভিযোগত নিলম্বন পঞ্চায়তৰ সভাপতি

২০ নং বৰহাপজান গাঁওপঞ্চায়তৰ অনাস্থা প্ৰস্তাৱক অনুমোদন । পঞ্চায়তৰ সভানেত্ৰী পিংকী মৰাণৰ বিৰুদ্ধে উঠিছিল কেতবোৰ বিস্ফোৰক দুৰ্নীতিৰ অভিযোগ । পিংকী মৰাণৰ কমিছন বিচৰা এটা অডিঅ' ৰেকৰ্ডিঙে এতিয়া সমগ্ৰ তিনিচুকীয়া জিলাখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

panchayat president suspenstion due to corruption allegation
তিনিচুকীয়াত দুৰ্নীতিৰ অভিযোগত নিলম্বন পঞ্চায়তৰ সভাপতি

তিনিচুকীয়া , 4 জুন : সু-শাসন আৰু দুৰ্নীতি মুক্ত অসম গঢ়াৰ সংকল্প লোৱা বিজেপি দলৰে সাত গৰাকীকৈ ৱাৰ্ড সদস্য/সদস্যাই বিজেপি দলৰ পঞ্চায়তৰ সভানেত্ৰী গৰাকীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আনি ইতিমধ্যে অনাস্থা প্ৰস্তাৱ দাখিল কৰিছিল হাপজান খণ্ড উন্নয়ন বিষয়াক ৷

তিনিচুকীয়াত দুৰ্নীতিৰ অভিযোগত নিলম্বন পঞ্চায়তৰ সভাপতি

তিনিচুকীয়া জিলাৰ ডিগবৈ সমষ্টিৰ বৰহাপজান গাঁও পঞ্চায়তত দহজন ৱাৰ্ড সদস্য সদস্যাৰ ভিতৰত সাতজন সদস্য সদস্যাই পঞ্চায়তৰ সভানেত্ৰী পিংকি মৰাণৰ বিৰুদ্ধে দুৰ্নীতি আৰু স্বজন-তোষণৰ গুৰুত্বৰ অভিযোগ আনি সভানেত্ৰী গৰাকীক গাদীচ্যুত কৰিবলৈ অনাস্থা প্ৰস্তাৱ আনিছিল ৷

দহজন ৱাৰ্ড সদস্য/সদস্যা অভিযোগ অনুসৰি হাপজান খণ্ড উন্নয়ণ বিষয়াই তিনিচুকীয়া জিলা পৰিষদৰ কাৰ্যলয়ত কেইদিনমান পূৰ্বে খণ্ড উন্নয়ণ বিষয়াৰ উপস্থিতিত অনাস্থা প্ৰস্তাবৰ ওপৰত ভোট গ্ৰহণ কৰে আৰু সাতটা ভোটৰ ব্যৱধানত সভানেত্ৰী পিংকী মৰাণক অব্যাহতি দি বুধবাৰে বুলবুল বৰাক ২০ নং বৰহাপজান গাঁও পঞ্চায়তৰ সভাপতি হিচাপে মনোনিত কৰে । উল্লেখনীয় যে, এটা অডিঅ' ৰেকৰ্ডিঙে সমগ্ৰ তিনিচুকীয়া জিলাখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

পাঁচ শতাংশ কমিচন অবিহনে মই একো কৰিব নোৱাৰো, পাঁচ শতাংশৰে মই ঘৰ চলোৱাৰ লগতে বহুতকে চলাব লাগে আদি বিভিন্ন ধৰণৰ কথোপকথনে পিংকি মৰাণে যে দুৰ্নীতি আশ্ৰয় লৈ বিশাল সম্পত্তিৰ গৰাকী হৈছে তাকেই প্ৰমাণ কৰিছে বুলি একাংশই অভিযোগ উত্থাপিত কৰিছে ।

লগতে পঢ়ক :লংকা কাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্টট্ৰেক আদালতত কৰাৰ দাবী নগাঁও AJYCP ৰ

ABOUT THE AUTHOR

...view details