তিনিচুকীয়া, 4 জুন : তিনিচুকীয়াৰ বজালতলী গাঁও পঞ্চায়তৰ সভাপতি ৰঞ্জিত চৌধুৰীক বুধবাৰে পঞ্চায়তৰ কাৰ্যালয়তে গোঁহাই উপাধিৰ এজন লোকে শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে । সভাপতিগৰাকীয়ে অভিযোগ কৰা মতে, শাৰীৰিকভাৱে অপদস্থ কৰা গোঁহাই উপাধিৰ লোকজন অসম গণ পৰিষদৰ সদস্য ।
অগপ সদস্যৰ বিৰুদ্ধে পঞ্চায়তৰ সভাপতিক প্ৰহাৰৰ অভিযোগ - tinsukia conflict
বুধবাৰে তিনিচুকীয়াৰ বজালতলী গাঁও পঞ্চায়তৰ সভাপতি ৰঞ্জিত চৌধুৰীক অসম গণ পৰিষদৰ সদস্যই শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ ৷ অগপৰ সদস্যৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল পঞ্চায়তৰ সভাপতিগৰাকীৰ ৷
অগপৰ সদস্যৰ বিৰুদ্ধে অভিযোগ
তাৎপৰ্যপূৰ্ণ যে, বজালতলী গাঁও পঞ্চায়তৰ সভাপতি ৰঞ্জিত চৌধুৰীয়ে বিজেপি দলৰ পৰা প্ৰাৰ্থিত্ব লৈ নিৰ্বাচনত অৱতীৰ্ণ হৈ জয়লাভ কৰিছিল । আনহাতে সভাপতিগৰাকীক অপদস্থ কৰা লোকজন চাবুৱা সমষ্টিৰ বিধায়কৰ ঘনিষ্ঠ বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে । ইফালে এই সংঘাতৰ শিপা কিছু দীঘলীয়া হ’ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে । ঘটনাৰ সন্দৰ্ভত আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে পঞ্চায়তৰ সভাপতিগৰাকীয়ে ৷
লগতে পঢ়ক :ভূত বাংলালৈ পৰ্যবসিত ৰৌতাৰ আমিনপাৰা উপ-স্বাস্থ্য কেন্দ্ৰ