অসম

assam

ETV Bharat / state

Labourers missing in Ledu coal mine: লিডুত কয়লা সৰবৰাহ বন্ধ ঘোষণা দল-সংগঠনৰ - Labourers missing in Ledu coal mine

লিডু কয়লাখনিত কৰ্মৰত প্ৰাঞ্জল মৰাণৰ ৰহস্যজনক নিৰুদ্দেশক লৈ চৌদিশে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া (Labourers missing in Ledu coal mine)। বুধবাৰে মৰাণ ছাত্ৰ সন্থা, আটাছুৱে সংবাদমেল সম্বোধন কৰাৰ পাছত বৃহস্পতিবাৰে ৰাজহুৱা সভা অনুষ্ঠিত কৰি কয়লা সৰবৰাহ বন্ধ ঘোষণা কৰে সংগঠন কেইটাই (Organization announces closure of coal supply in Ledu) ।

Organization announces closure of coal supply in Lidu
লিডুত কয়লা সৰবৰাহ বন্ধ ঘোষণা দল-সংগঠনৰ

By

Published : Feb 17, 2023, 3:57 PM IST

লিডুত কয়লা সৰবৰাহ বন্ধ ঘোষণা দল-সংগঠনৰ

তিনিচুকীয়া, ১৭ ফেব্ৰুৱাৰী: মাকুম শুকানী গাঁৱৰ প্ৰাঞ্জল মৰাণৰ লিডুৰ কয়লাখনিত (Ledo coal mine) কৰ্মৰত অৱস্থাত ৰহস্যজনকভাৱে নিৰুদ্দেশ হোৱা ঘটনাৰ বিৰোধিতাৰে বৃহস্পতিবাৰে বিভিন্ন কাৰ্যসূচী ঘোষণা কৰিছে অসম মৰাণ সভা, সদৌ মৰাণ ছাত্ৰ সন্থাই (Labourers missing in Ledo coal mine) ৷ ১২ জানুৱাৰীৰ পৰা প্ৰাঞ্জল মৰাণৰ পৰিয়ালৰ স’তে যোগাযোগ বিছিন্ন হোৱাৰ লগতে ৪ ফেব্ৰুৱাৰীত লিডু আৰক্ষী চকীত পৰিয়ালে দাখিল কৰিছিল এজাহাৰ । তাৰ পাচতো আজিপৰ্যন্ত কোনো সন্ধান নাই প্ৰাঞ্জল মৰাণৰ ৷

ইয়াৰ পাচতে বুধবাৰে মৰাণ ছাত্ৰ সন্থা, আটাছুৱে এই সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰি আৰক্ষী, জিলা প্ৰশাসনক ২৪ ঘণ্টাৰ ভিতৰত প্ৰাঞ্জল মৰাণক উদ্ধাৰ কৰাৰ লগতে পৰিয়ালক উচিত ক্ষতিপূৰণ প্ৰদানৰ দাবী জনাইছিল ৷ সমান্তৰালভাৱে প্ৰাঞ্জল মৰাণে কৰ্মৰত কয়লাখনি বৈধ নে অবৈধ কয়লাখনি (Illegal coal mine) সেয়া ক’ল ইণ্ডিয়াক স্পষ্ট কৰিবলৈ দাবী জনাইছিল সংগঠন কেইটাই ৷ কিন্তু সংবাদ মেলৰ ২৪ ঘণ্টা সময় পাৰ হৈ গ'ল ।

সংবাদমেল সম্বোধন কৰাৰ ২৪ ঘণ্টা সময় পাৰ হোৱাৰ পাচত বৃহস্পতিবাৰে মাকুম শুকানী গাঁৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহত প্ৰাঞ্জল মৰাণৰ নিৰুদ্দেশ সন্দৰ্ভত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে ৷ ৰাজহুৱা সভাত অসম মৰাণ সভা, মৰাণ ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, আছু, আটাছু, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিকে আদি কৰি বিভিন্ন দল-সংগঠনৰ নেতৃত্ব উপস্থিত আছিল ৷

পৰৱৰ্তী সময়ত অসম মৰাণ সভাৰ সভাপতি ৰাজীৱ বড়া, সাধাৰণ সম্পাদক বিতুপন মৰাণ, সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি নৱ মৰাণ, সাধাৰণ সম্পাদক দেৱকান্ত মৰাণৰ স্বাক্ষৰিত এখন প্ৰেছ বিবৃত্তিৰ জৰিয়তে বিভিন্ন দল-সংগঠনৰ সহযোগত প্ৰাঞ্জল মৰাণৰ নিৰুদ্দেশ সন্দৰ্ভত জিলা প্ৰশাসন, আৰক্ষীয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগত বুধবাৰৰ পৰা কয়লা সৰবৰাহ বন্ধ ঘোষণা কৰে আৰু এই কয়লাৰ সৰবৰাহৰ বন্ধ কাৰ্যসূচীত সকলোৰে সহায় সহযোগিতা কামনা কৰিছে (Organization announces closure of coal supply in Ledo) ৷

উল্লেখযোগ্য যে, লিডুৰ অবৈধ কয়লাখনিত শ্ৰমিকৰ মৃত্যু হোৱা ঘটনা এয়াই প্ৰথম নহয় ৷ কিছুদিনৰ পূৰ্বে নগাঁৱৰ দুজন শ্ৰমিক মৃত্যু হোৱাৰ লগতে মৃতদেহ পুতি ৰাখিছিল গোপনে ৷ তাৰ পাচত পুনৰ মাকুমৰ মূড়া উপাধিৰ এজন শ্ৰমিকৰ মৃত্যু হৈছিল আৰু এতিয়া পুনৰ মাকুমৰ শুকানী গাঁৱৰ প্ৰাঞ্জল মৰাণৰ ৰহস্যজনক নিৰুদ্দেশে যথেষ্ট চৰ্চা লাভ কৰিছে ৷ অভিযোগ অনুসৰি, লিডুৰ লগতে বিভিন্ন স্থানৰ অবৈধ কয়লাখনিত এনদৰে গেছ লিক হোৱাৰ লগতে কয়লা খহি পৰাৰ ফলত শ্ৰমিকৰ মৃত্যুৰ ঘটনা সংঘটিত হৈয়ে থাকে ৷ পৰিয়ালৰ লগতে বিভিন্ন পক্ষক টকাৰে মেনেজ কৰি সকলো অন্ধকাৰত ৰখাৰ অভিযোগ সৰ্বজনবিদিত ।

লগতে পঢ়ক:Heroin business in Guwahati: পাঞ্জাবাৰীত ১৭০ গ্ৰাম হেৰ’ইনসহ গ্ৰেপ্তাৰ মহিলা ড্ৰাগছ ব্যৱসায়ী

ABOUT THE AUTHOR

...view details