অসম

assam

ETV Bharat / state

Operation against Drunk and Drive: তিনিচুকীয়াত সুৰাসক্ত চালকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান - Operation against drunk driving

নৱবৰ্ষৰ প্ৰাক্ক্ষণত ৰাজ্যৰ ভিন্ন প্ৰান্তত সক্ৰিয় ৰূপত দেখা গৈছে জিলা প্ৰশাসন তথা আৰক্ষীক ৷ যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে পৰিবহণ বিভাগৰ লগতে আৰক্ষী (Assam police become strict against law breakers) ৷ বাদ পৰি ৰোৱা নাই তিনিচুকীয়া আৰক্ষী ৷

Operation against drunk driving
সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান

By

Published : Dec 31, 2022, 10:00 PM IST

সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান

তিনিচুকীয়া, ৩১ডিচেম্বৰ : ইংৰাজী নৱবৰ্ষক আদৰিবলৈ সকলোৱে সাজু হৈছে । ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ বনভোজস্থলীসমূহতো ভিৰ হৈছে । বছৰি আনন্দ উল্লাহৰ মাজতে বহুতে পথ সুৰক্ষা আইন উলংঘা কৰাৰ লগতে দুৰ্ঘটনাত পতিত হয় (Accident in Assam)। সেই বাবে এইবাৰ দুৰ্ঘটনা প্ৰতিৰোধৰ ক্ষেত্ৰত কঠোৰ হৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Assam CM strict on accident prevention)।

ইতিমধ্য়ে জিলা প্ৰশাসনৰ লগতে পৰিবহণ বিভাগক দুৰ্ঘটনা প্ৰতিৰোধৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে ড৹ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিছে । মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তত আৰক্ষী তথা জিলা পৰিবহণ বিভাগে অভিযান আৰম্ভ কৰিছে (Transport department raid in Tinsukia)। ৰাষ্ট্ৰীয় ঘাইপথত সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযানৰ অংশ হিচাপে ঠায়ে ঠায়ে এলকহল এনালাইজাৰ লৈ আৰক্ষীয়ে অভিযান চলাইছে (Operation against drunk driving)।

তিনিচুকীয়া চহৰৰ লগতে বিভিন্ন প্ৰান্তত পৰিবহণ বিভাগ, যান-বাহন আৰক্ষীয়ে সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান চলায় ৷ বনভোজত সুৰা সেৱন কৰি বাহন চলায় যাতে কোনো লোক দুৰ্ঘটনাগ্ৰস্ত হ'বলগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই অভিযান চলায় ৷ অৱশ্য়ে সুৰা সেৱন কৰি শুকুৰবাৰে বাহন চলোৱা চালক নাছিল যদিও ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীত বিশেষভাৱে ২৪ ঘণ্টাই অভিযান চলাব বুলি কয় জিলা পৰিবহণ বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ পেগুৱে ৷

ইপিনে,অতিৰিক্ত উপায়ুক্ত সুশান্ত দত্তই এতিয়াৰে পৰা সমগ্ৰ জানুৱাৰী মাহটোত জিলাখনৰ বিভিন্ন প্ৰান্তত সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান চলি থাকিব বুলি কয় । সুৰাপায়ী চালকক ১০ হাজাৰ টকা জৰিমনা বিহাৰ লগতে কাৰাদণ্ড পৰ্যন্ত হ'ব বুলি তেওঁ কয় ৷ নিজৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি সুৰা সেৱন কৰি বাহন নচলাবলৈ আহ্বান জনাইছে অতিৰিক্ত উপায়ুক্ত সুশান্ত দত্ত আৰু ভাৰপ্ৰাপ্ত জিলা পৰিবহণ বিভাগৰ বিষয়া ৰাজীৱ পেগুৱে ৷

উল্লেখ্য় যে ক্ৰমাৎ বৃদ্ধি পোৱা পথ দুৰ্ঘটনাসমূহ ৰোধ কৰাৰ লগতে জিলাখনত যান-বাহন আইন অমান্য কৰি বাহন চলোৱাৰ ফলত বহুতে ভৰিবলগীয়া হৈছে জৰিমনা । যিসকলে যান-বাহন আইন উলংঘা কৰিছে,তেওঁলোকক কঠোৰ জৰিমনা বিহে আৰক্ষীয়ে ৷ প্ৰতিজন মটৰ চাইকেল আৰোহীক হেলমেট পৰিধান কৰাৰ (Helmets mandatory for pillion riders in Tinsukia) লগতে কোনো কাৰণত যাতে সুৰা সেৱন কৰি বাহন চলাব নোৱাৰে তাৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰে আৰক্ষীয়ে ৷ইপিনে, চৰকাৰৰ লগতে পৰিবহন বিভাগে নিৰ্ধাৰণ কৰি দিয়া নিয়ম উলংঘা কৰি প্ৰতি নিশাই একাংশ মালবাহী ট্ৰাকে ৰাষ্ট্ৰীয় ঘাইপথেৰে চলাচল কৰি আহিছে ৷

লগতে পঢ়ক:Felicitation Program : সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ উদ্যোগত কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা

ABOUT THE AUTHOR

...view details