অসম

assam

ETV Bharat / state

মাৰ্ঘেৰিটাত আৰক্ষী-কামাণ্ডোৰ উগ্ৰপন্থী বিৰোধী অভিযান

জাগুনত উগ্ৰপন্থীৰ বিৰুদ্ধে অসম আৰক্ষীৰ তীব্ৰ অভিযান ৷ নামফাই আৰু টিংকুপানী বনাঞ্চলত অস্থায়ী শিবিৰ স্থাপন

মাৰ্ঘেৰিটাত আৰক্ষী-কামাণ্ডোৰ উগ্ৰপন্থী বিৰোধী অভিযান

By

Published : Aug 9, 2019, 8:35 PM IST

মাৰ্ঘেৰিটাত আৰক্ষী-কামাণ্ডোৰ উগ্ৰপন্থী বিৰোধী অভিযান

মাৰ্ঘেৰিটা, 9 আগষ্ট : স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত অসম অৰুণাচল সীমান্ত জাগুনত উগ্ৰপন্থীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে চলাইছে তীব্ৰ অভিযান ৷ উগ্ৰপন্থীৰ কাৰ্যকলাপ ৰোধ কৰিবৰ বাবে তীব্ৰ অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষী আৰু অসম আৰক্ষীৰ বিশেষ কামাণ্ডো বাহিনীৰ জোৱানে ৷ অসম অৰুণাচলৰ সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ জাগুন আৰু ইয়াৰ উপকন্ঠ অঞ্চলত দেখা গৈছে এই তৎপৰতা ৷ স্বাধীনতা দিৱস তথা ইয়াৰ পূৰ্বে কোনো ধৰণৰ কূটাঘাটমুলক কাৰ্যকলাপ সংঘটিত হ’ব নোৱাৰে তাৰ প্ৰতি দৃষ্টি ৰাখি অধিক তীব্ৰতৰ কৰি তুলিছে আৰক্ষীৰ অভিযান । অভিযান কালত নামফাই আৰু টিংকুপানী বনাঞ্চলত অস্থায়ী শিবিৰ স্থাপন কৰি উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ কথা আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷

ABOUT THE AUTHOR

...view details