তিনিচুকীয়া, 27 মে’ :উজনি অসমৰ তিনিচুকীয়া জিলাৰ বাঘজান গাঁৱত বিগত বৰ্ষ অৰ্থাৎ ২০২০ৰ ২৭ মে' তাৰিখে বাঘজান BGR, 5 No তৈল খাদত প্ৰথমে গেছ নিৰ্গত হয় আৰু ২৭ মে' ৰ পৰা ১৩ দিন ধৰি অহৰহ গেছ নিৰ্গত হৈ ৯ জুন তাৰিখে এক ভয়ংকৰ অগ্নিকাণ্ডলৈ ৰূপান্তৰ হয় ।
উক্ত অগ্নিকাণ্ডত বিনষ্ট হৈছিল সেউজীয়া প্ৰাকৃতিক পৰিৱেশ । জ্বলি চাৰখাৰ হৈছিল বহু পৰিয়ালৰ ঘৰ-বাৰী ৷ মৃত্যু হৈছিল অসংখ্য জীৱ-জন্তু,পশু-পক্ষীৰ, মৃত্যু হৈছিল ৰাষ্ট্ৰীয় সম্পদ শিহুৰ । মাগুৰি বিলৰ লগতে উক্ত ঘটনাত ডিব্ৰু-ডাঙৰী নদীও সম্পূৰ্ণ প্ৰদূষিত হৈ পৰিছিল । যাৰ ফলত মৃত্যু হৈছিল বিভিন্ন প্ৰজাতিৰ মাছ-কাছৰ, বিনষ্ট হৈছিল অঞ্চলটোৰ বহু কৃষিভূমি । তদুপৰি বাঘজানৰ উক্ত ঘটনাত নিহত হৈছিল চাৰিজনকৈ লোক । নিহত লোক কেইজন আছিল ক্ৰমে: অগ্নিনির্বাপক বাহিনীৰ কৰ্মচাৰী ক্ৰমে তিক্ষেশ্বৰ গোহাঁই (চাবুৱা), দুৰ্লভ গগৈ (নামৰূপ), অইলৰ এগৰাকী কাৰ্যবাহী (জ্যেষ্ঠ ) অভিযন্তা অৰ্ণৱ বৰদলৈ আৰু এগৰাকী স্থানীয় ব্যক্তি শুক্লেশ্বৰ নেওগ । এক কথাত মৃত্যুৰ উপত্যকালৈ পৰিণত হৈছিল বাঘজান তৈল খাদ । আনফালে শব্দ, কম্পন, বায়ু প্ৰদূষণৰ মাজেৰে দিন পাৰ কৰিছিল অঞ্চলবাসীয়ে ৷