অসম

assam

ETV Bharat / state

কাকপথাৰত আৰক্ষীৰ দেহত কৰ'ণা ভাইৰাছ - তিনিচুকীয়া আৰক্ষী অধীক্ষকৰ কাৰ্যালয়

তিনিচুকীয়া আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত কৰ্মৰত অকন শইকীয়া(42) নামৰ আৰক্ষীৰ জোৱানগৰাকী কোভিড-19ত আক্ৰান্ত হৈছে ৷

কাকপথাৰত আৰক্ষীৰ দেহত কৰ'ণা ভাইৰাছ
কাকপথাৰত আৰক্ষীৰ দেহত কৰ'ণা ভাইৰাছ

By

Published : Jul 16, 2020, 1:34 AM IST

শদিয়া, 16 জুলাই : তিনিচুকীয়া আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত কৰ্মৰত এজন আৰক্ষীৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ উপস্থিতি ৷ কাকপথাৰৰ দপথাৰৰ অকন শইকীয়া(42) নামৰ আৰক্ষীৰ জোৱানগৰাকীৰ বিগত 13 জুলাইত নমুনা পৰীক্ষা কৰিছিল ৷ নমুনা পৰীক্ষা কৰি আৰক্ষী কনিষ্টবল জনে দৈনিক নিজ গৃহলৈ অহাযোৱা কৰি থকা ঘটনাই জিলাখনত গণ সংক্ৰমণৰ আশংকা ঘণীভূত কৰি তুলিছে ৷ আজি জোৱানজনে কৰ্তব্য সমাপন কৰি কাকপথাৰৰ ভাৰাঘৰলৈ আহি থকা অৱস্থাত নমুনা পৰীক্ষাৰ ফলাফল পজিটিভ অহাত ভাৰাঘৰৰ পৰা স্বাস্থ্য বিভাগৰ জৰিয়তে তিনিচুকীয়ালৈ প্ৰেৰণ কৰে ৷ নমুনা পৰীক্ষা কৰাৰ পিছত ফলাফল নোলোৱা পৰ্যন্ত আৰক্ষীগৰাকী কোৱাৰেন্টাইনত থাকিব লাগে যদিও কিয় এনেদৰে অহা যোৱা কৰি আছিল সেইয়া সন্দেহৰ আৰ্ৱতত ৷

ABOUT THE AUTHOR

...view details