কোটি টকা সৰকোৱাৰ অভিযোগত তিনিচুকীয়াত আটক এজন তিনিচুকীয়া, 2 ছেপ্টেম্বৰ: বজালী আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোহাঁই ক শাস্তিমূলক বদলি । মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতেই ৰাজ্যৰ গৃহ বিভাগ তৎপৰ । SP সিদ্ধাৰ্থ বুঢ়াগোহাঁইক আৰক্ষী সঞ্চালকপ্ৰধানৰ কাৰ্যালয়ত নিযুক্তি।মহানগৰ আৰক্ষীৰ আয়ুক্তৰ DCP (Security) অজাকৱাৰন বসুমতাৰীক বজালী আৰক্ষী জিলাৰ নতুন আৰক্ষী অধীক্ষক ৰূপে নিযুক্তি।
তিনিচুকীয়া আৰক্ষীয়ে শুকুৰবাৰে ডিব্ৰুগড়ৰ বৈৰাগীমথৰ আলটাভ আলী নামৰ এগৰাকীক প্ৰৱঞ্চনাৰ অভিযোগত আটক কৰে ৷ আলটাভৰ বিৰুদ্ধে তিনিচুকীয়াৰ ৰাণু দাস নামৰ এগৰাকী মহিলাই তিনিচুকীয়া সদৰ আৰক্ষী থানাত 8 মে’ত দাখিল কৰিছিল প্ৰৱঞ্চনাৰ গোচৰ । এজাহাৰত নাম সন্নিৱিষ্ট আছিল আলটাভৰ লগতে ডিগবৈৰ সীমান্ত চেতিয়া আৰু আন এগৰাকী জোনাফ নামৰ লোকৰ নামো ৷
ৰাণু দাসে কৰা অভিযোগ অনুসৰি, ৰাণু দাসৰ পৰা আলটাভৰ লগতে আন দুজনে বিভিন্ন পন্থা অৱলম্বন কৰি 2021 চনৰ পৰা বৰ্তমানলৈ প্ৰায় 1 কোটি 20 লাখ টকা সৰকাই নিয়ে ৷ এই তিনি প্ৰৱঞ্চকৰ পাল্লাত পৰি ৰাণু দাসে বৰ্তমান নিজৰ ঘৰ-বাৰী-মাটি সকলো হেৰুৱাই পেলোৱাৰ লগতে আপোনজনৰ ওচৰতো অৱহেলিত হৈ পৰিছে বুলি গুৰুতৰ অভিযোগ তুলিছে ৷ ইয়াৰ পূৰ্বেও ৰাণু দাসে তিনিচুকীয়া আৰক্ষীৰ কাষ চাপিছিল যদিও কোনো সঁহাৰি পোৱা নাছিল বুলি অভিযোগ কৰি এতিয়া তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলামৰ কাষ চাপে বুলি আৰক্ষীৰ ওচৰত জনায় ৷
অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলামৰ নেতৃত্বত আলটাভক আটক কৰাৰ লগতে অধিক তথ্যৰ সন্ধানত তিনিচুকীয়া সদৰ আৰক্ষী থানাত মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ ইফালে, আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা অনুসৰি আলটাভে অভিযোগকাৰী মহিলাগৰাকীৰ পৰা কম-বেছি পৰিমাণে টকা সৰকাই নিয়াটো স্বীকাৰ কৰিছে ৷ অভিযোগ অনুসৰি আলটাভে আৰু কেইবাগৰাকীও লোকৰ পৰা চাকৰি দিয়াৰ লগতে বিভিন্ন পন্থা অৱলম্বন কৰি টকাৰ সৰকাইছিল ৷
লগতে পঢ়ক: Bank fraud case : ধন আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ জেট এয়াৰৱেজৰ প্ৰতিষ্ঠাপককে ধৰি কেবাজনো