অসম

assam

ETV Bharat / state

আলফা স্বাধীনত পুনৰ খহনীয়া - ULFA cadre

আলফা স্বাধীনত পুনৰ খহনীয়া, আন এজন সদস্যৰ আত্মসমৰ্পণ

আলফা স্বাধীনত পুনৰ খহনীয়া

By

Published : Jul 19, 2019, 3:28 AM IST

Updated : Jul 19, 2019, 3:34 AM IST

তিনিচুকীয়া, ১৯ জুলাইঃ নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন আলফা স্বাধীনৰ ভিতৰচ'ৰাত এতিয়াও অব্যাহত আছে খহনীয়া ।

বৃস্পতিবাৰে আলফা স্বাধীনৰ ছাৰ্জেণ্ট মেজৰ নীৰৱ সন্দিকৈ ওৰফে জয়দ্বীপ মৰাণ, কৰুণজ্যোতি চেতিয়া ওৰফে উদ্দিপন অসম আৰু পলাশ দাস ওৰফে লাটুমনি অসমে আত্মসমৰ্পণ কৰাৰ পিছতে পুনৰ বৃস্পতিবাৰে নিশা তিনিচুকীয়া আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে আন এগৰাকী আলফা সদস্যই ।

আত্মসমৰ্পণকাৰী সদস্য গৰাকী ইন্দ্ৰজিৎ গগৈ ওৰফে তেজ অসম । আত্মসমৰ্পণৰ সময়ত কেডাৰগৰাকীয়ে এটা ৯ এমএম পিষ্টলৰ সৈতে এটা মেগাজিন আৰু পাঁচ জাঁই সজীৱ গুলী জমা দিয়ে তিনিচুকীয়া আৰক্ষীক । তেজ অসম শদিয়াৰ বছা গাঁৱৰ বাসিন্দা ।

Last Updated : Jul 19, 2019, 3:34 AM IST

ABOUT THE AUTHOR

...view details