ফিল'বাৰী, 15 মাৰ্চঃতিনিচুকীয়া জিলাৰ ডুমডুমা বিদ্যুৎ উপ সংমণ্ডলৰ অধীনস্থ ফিল'বাৰী বামুনগাঁৱত শক্তি বিভাগে সংঘটিত কৰিছে এক আজৱ কাণ্ড । গাঁওখনৰ শকুন্তলা দেৱী নামৰ মহিলাগৰাকীৰ ঘৰলৈ এমাহৰ বিদ্যুতৰ বিল আহিল ১৯,৮৮৯ টকা । সমান্তৰালকৈ, গাঁওখনৰ বহুকেইটা পৰিয়াললৈ এমাহৰ বিদ্যুতৰ বিল ৬০০ ৰ পৰা ১৯৯২ ইউনিট পৰ্যন্ত অহাৰ পাছত এতিয়া চিন্তিত হৈ পৰিছে পৰিয়ালকেইটা ।
শক্তি বিভাগৰ আজৱকাণ্ড: এমাহৰ বিদ্যুতৰ বিল ১৯,৮৮৯ টকা - শক্তি বিভাগৰ আজৱকাণ্ড
গাঁওখনৰ বহুকেইটা পৰিয়াললৈ এমাহৰ বিদ্যুতৰ বিল ৬০০ ৰ পৰা ১৯৯২ ইউনিট পৰ্যন্ত অহাৰ পাছত এতিয়া চিন্তিত হৈ পৰিছে পৰিয়ালকেইটা ।
![শক্তি বিভাগৰ আজৱকাণ্ড: এমাহৰ বিদ্যুতৰ বিল ১৯,৮৮৯ টকা এমাহৰ বিদ্যুতৰ বিল ১৯৮৮৯ টকা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6413728-57-6413728-1584240497234.jpg)
এমাহৰ বিদ্যুতৰ বিল ১৯৮৮৯ টকা
এমাহৰ বিদ্যুতৰ বিল ১৯৮৮৯ টকাএমাহৰ বিদ্যুতৰ বিল ১৯৮৮৯ টকা
উল্লেখযোগ্য যে, ডুমডুমা বিদ্যুৎ উপ সংমণ্ডলে ফিল'বাৰীত পূৰ্বেও এনেধৰণৰ আজৱ কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ ইয়াৰোপৰি, উক্ত ঘটনা সন্দৰ্ভত অভিযোগ দিবলৈ কাৰ্যালয়লৈ যোৱা লোকসকলক বিভাগীয় কতৃপক্ষই গালি-ধমক দিয়া বুলিও অভিযোগ উত্থানপ কৰিছে ভুক্তভোগীসকলে । শক্তি বিভাগৰ এনে আজৱ কাণ্ডত এতিয়া হতভম্ব হৈ পৰিছে পৰিয়ালকেইটা ।
লগতে পঢ়কঃ তিতাবৰ আৰু বৰহোলা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ ড্ৰাগছ ব্যৱসায়ী