তিনিচুকীয়া, 28 আগষ্টঃ তিনিচুকীয়াৰ বাঘজান দীঘলটৰং গাঁৱত অঘটন । নদীত গা ধুবলৈ গৈ সন্ধানহীন এজন যুৱক । ঘটনাৰ অনুসৰি, দুলিয়াজানৰ ৰোহিত ওৰাং নামৰ যুৱকজন ফুৰিবলৈ গৈছিল আত্মীয়ৰ ঘৰত ৷ আত্মীয়ৰ ঘৰৰ পৰাই ডাঙৰী নদীত গা ধুবলৈ গৈ নৈৰ সোঁতত উটি যায় যুৱকজন ৷ সন্ধানহীন যুৱক জনক বিচাৰি আৰক্ষী আৰু SDRF য়ে ডাঙৰী নদীত অভিযান চলাইছে যদিও বৰ্তমান পৰ্যন্ত সন্ধান পোৱা নাই যুৱকজনৰ ।
তিনিচুকীয়াৰ ডাঙৰী নদীত সন্ধানহীন যুৱক - tinsukia
দুলিয়াজানৰ ৰোহিত ওৰাং নামৰ যুৱকজন ফুৰিবলৈ গৈছিল আত্মীয়ৰ ঘৰত ৷ আত্মীয়ৰ ঘৰৰ পৰাই ডাঙৰী নদীত গা ধুবলৈ গৈ নৈৰ সোঁতত উটি যায় যুৱকজন
তিনিচুকীয়াৰ ডাঙৰী নদীত সন্ধানহীন যুৱক
আনহাতে, নদীৰ পাৰত এটা ম'বাইল বিক্ৰী সন্দৰ্ভত যুৱক কেইজনৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় বুলি জানিবলৈ দিয়ে ৷ কাজিয়াৰ বাবেই দুই যুৱকে ৰোহিত ওৰাঙক পানীলৈ ঠেলি দিয়ে বুলি অভিযোগ উত্থাপন কৰে ৷ অভিযুক্ত দুই যুৱক জৰিত মহেশ কৰ্মকাৰ আৰু চজিব উৰাঙক আটক কৰি তদন্ত আৰম্ভ কৰিছে বাঘজান আৰক্ষীয়ে ৷