বহিঃৰাজ্যত সন্ধানহীন তিনিচুকীয়াৰ ব্যক্তি - মতানৈক্য
চাৰি চেপ্তেম্বৰৰ পৰা শুংসূত্ৰ নাই লিলেশ্বৰ মৰাণৰ ৷ হাওৰা ষ্টেচনত কোনো যাত্ৰীৰ সৈতে হৈছিল মতানৈক্য
![বহিঃৰাজ্যত সন্ধানহীন তিনিচুকীয়াৰ ব্যক্তি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4381194-thumbnail-3x2-sdkofjdf.jpg)
তিনিচুকীয়া, 9 চেপ্তেম্বৰ : বহি:ৰাজ্যৰ পৰা কৰ্ম সম্পাদন কৰি ঘৰলৈ উভতি অহা কৰদৈগুৰিৰ ব্যক্তি সন্ধানহীন। ব্যক্তিজন তিনিচুকীয়া জিলাৰ বাঘজান থানাৰ অন্তৰ্গত কৰদৈগুৰি হাতীশাল বৰগড়া গাঁৱৰ লিলেশ্বৰ মৰাণ ৷ খৰ্গেশ্বৰ মৰাণৰ পুত্ৰ লিলেশ্বৰ মৰাণে যোৱা 2 চেপ্তেম্বৰত কৰ্মস্থলী বাংগালুৰুৰ পৰা ঘৰলৈ উভতি আহি আছিল। কিন্তু 4 চেপ্তেম্বৰত লিলেশ্বৰ মৰাণৰ ৰে’ল যাত্ৰীৰ লগত কিবা কথাত মতানৈক্য হোৱাত হাওৰা ষ্টেচনতে ৰে’লৰ পৰা নামি ঘৰলৈ ফোন কৰিছিল। তাৰ পাচৰে পৰা লিলেশ্বৰ মৰাণৰ কোনো শুংসূত্ৰ নাই। চাৰি মাহ পূৰ্বে কৰ্মসংস্থাপনৰ উদ্দেশ্যেৰে বাংগালুৰুলৈ যোৱা লিলেশ্বৰ মৰাণ আজিলৈকে ঘৰ আহি নোপোৱাত চিন্তিত হৈ পৰিছে লিলেশ্বৰৰ পত্নী,পুত্ৰ-কন্যাৰ লগতে পৰিয়ালবৰ্গ। পৰিয়ালবৰ্গই বিভিন্নজনৰ সৈতে যোগাযোগ কৰিও ব্যক্তিজনৰ সন্ধান পোৱা নাই । কোনো ব্যক্তিয়ে মৰাণৰ কিবা সম্ভেদ পালে পৰিয়ালবৰ্গক ৯৩৬৫৫৩৮৮০৪ এই নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ।