অসম

assam

ETV Bharat / state

ৰহস্যজনক অৱস্থাত মৃত্যু অৰুণাচল আৰক্ষী জোৱানৰ - মৃতদেহ

ৰহস্যজনক অৱস্থাত উদ্ধাৰ অৰুণাচল আৰক্ষীৰ এগৰাকী জোৱানৰ মৃতদেহ ৷ পূৱ অৰুণাচলৰ চাংলা জিলাৰ দায়ুনস্থিত দ্বিতীয় ইণ্ডিয়ান ৰিজাৰ্ভ বেটালিয়নত কৰ্মৰত আছিল জোৱানজন ৷

প্ৰতিনিধিত্বমুলক ছবি

By

Published : Jul 29, 2019, 11:04 PM IST

তিনিচুকীয়া, 29 জুলাইঃ অৰুণাচল আৰক্ষীৰ ভাৰতীয় সংৰক্ষিত বেটালিয়ন (Indian Reserve Battalion)ত কৰ্মৰত জোৱানৰ মৃতদেহ উদ্ধাৰ ৷ দেওবাৰে নিশা নিজৰ কৰ্তব্য সমাপন কৰি ৰাজ্যখনৰ দায়ুনস্থিত শাখা মুখ্যালয়ত ৰহস্যজনক অৱস্থাত মৃত্যু হয় ছেংগি খান্দু ছিনছাজী নামৰ জোৱানজনৰ ৷ পৰৱৰ্তী সময়ত জোৱানজনৰ মৃতদেহটো কেম্পৰ সমীপৱৰ্তী এটা পুখুৰীৰ পৰা উদ্ধাৰ কৰাৰ পিচতে সমগ্ৰ ঘটনাটো অধিক ৰহস্যৰ মাজত সোমাই পৰে ৷ ইফালে মৃতদেহৰ গাত লাগি থকা তেজ আৰু আঘাটৰ চিনলৈ লক্ষ্য কৰি এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে তদন্তকাৰী আৰক্ষীয়ে ৷ ঘটনাস্থলীত চাংলাং, লোহিত আৰু নামছাই জিলাৰ শীৰ্ষ আৰক্ষী বিষয়াৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে দায়ুনস্থিত প্ৰাথমিক চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে ৷ নিহত জোৱানজনৰ ঘৰ কামেং জিলাৰ বমডিলাৰ নিকটৱৰ্তী ৰূপাত বুলি জানিব পৰা হৈছে ৷

ৰহস্যজনক অৱস্থাত মৃত্যু অৰুনাচল আৰক্ষী জোৱানৰ

ABOUT THE AUTHOR

...view details