অসম

assam

By

Published : Jan 16, 2022, 12:23 PM IST

ETV Bharat / state

Road accident at Doomdooma : চাৰিচকীয়া বাহনৰ খুন্দাত নিহত স্কুটি আৰোহী

ডুমডুমাৰ বাইপাছ ৰোডত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা ৷ ঘটনাস্থলীতে মৃত্যু এজন স্কুটি আৰোহীৰ (Road accident at Doomdooma) ৷

one-dead-in-accident-at-doomdooma
চাৰিচকীয়া বাহনৰ খুন্দাত নিহত স্কুটি আৰোহী

ডুমডুমা, 16 জানুৱাৰী : শনিবাৰে ডুমডুমাৰ বাইপাছ ৰোডত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা (Road accident at Doomdooma) ৷ জানিব পৰা মতে, মাকুম দিশৰ পৰা অহা এখন তীব্ৰ বেগী ইয়ন বাহনে ৷ বিপৰীত দিশৰ পৰা অহা স্কুটিক খুন্দা মৰাৰ ফলত সংঘটিত হয় এই পথ দুৰ্ঘটনা ৷ উক্ত দুৰ্ঘটনাটোত থিতাতে নিহত হয় স্কুটি আৰোহী ভবেন দিহীঙিয়া নামৰ লোকজন (One man died in road accident) ৷

মৃত ভবেন দিহীঙিয়া অসম আৰক্ষীৰ এগৰাকী হাবিলদাৰ আছিল বুলি জানিব পৰা গৈছে ৷ আনহাতে, দুৰ্ঘটনা পতিত হোৱাৰ পিচত AS 23O 6309 নম্বৰৰ ইয়ন বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে ৷ দুৰ্ঘটনা সংঘটিত কৰা ইয়ন বাহনখনৰ চালকক ডুমডুমা আৰক্ষীয়ে আটক কৰে ৷

লগতে পঢ়ক :Road Accident in Tezpur: তেজপুৰত পথ দুৰ্ঘটনাত দুজনৰ মৃত্যু

ABOUT THE AUTHOR

...view details