তিনিচুকীয়া,18 মে’: নতুন মোৰ লাভ কৰিছে টিংৰাইৰ বোমা বিস্ফোৰণ কাণ্ডই ৷ মঙলবাৰে পুৱতি নিশা বিস্ফোৰণৰ লগত জড়িত এজনক আটক কৰিছে তিনিচুকীয়া আৰক্ষীয়ে ৷ ডিগবৈত আটক হোৱা যুৱকজনৰ নাম মুনু ওৰফে হীৰেণ গগৈ আৰু যুৱকজন লক্ষীপথাৰৰ বুলি জানিব পৰা গৈছে ৷ আনহাতে বাইক চালক ৰণজিত চাংমাইকো নিজ বাসগৃহৰ পৰা আটক কৰা হয় ৷
ইয়াৰ পূৰ্বে আটকাধীন মুনু আলফাৰ সৈতে জড়িত আছিল ৷ শিৱসাগৰত সেনাবাহিনীৰ লগত সংঘৰ্ষত যুৱকজনৰ দেহত গুলী লাগিছিল ৷ পূৰ্বে মুনুৱে বহুকেইটা অপৰাধমূলক কাৰ্যত জড়িত থকাৰ গোচৰ ডিগবৈৰ থানাত ৰুজু কৰা বুলি জানিব পৰা গৈছে । লক্ষীপথাৰৰ নিজা বাসগৃহৰ পৰা আৰক্ষীয়ে আটক কৰে মুনুক । ইয়াৰ লগতে বিস্ফোৰণ সংঘটিত কৰাৰ সময়ত ব্যৱহৃত পালচাৰ বাইকখন আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
উল্লেখ্য যে, বিগত 14 মে’ত ডিগবৈৰ টিংৰাই বজাৰৰ পুৰণমল আগৰৱালা নামৰ ব্যৱসায়ী প্ৰতিষ্ঠানখনত এই দুই যুৱকে নিক্ষেপ কৰিছিল গ্ৰেণেড । গ্ৰেণেড বিস্ফোৰণত দুজন যুৱকে অকাল মৃত্যুক সাৱটি ল’বলগীয়া হৈছিল আৰু দুজন যুৱক গুৰুতৰভাৱে আহত হৈছিল । এই ঘটনাই সমগ্ৰ অসমতে এক ব্যাপক চৰ্চা লাভ কৰিছিল, কিয়নো ৰাজ্যখনত নতুন চৰকাৰ গঠন হোৱাৰ লগে লগে তিনিচুকীয়া জিলাত সংঘটিত হয় দ্বিতীয়টো বিস্ফোৰণৰ ঘটনা ।