তিনিচুকীয়া, 18 মে’: তিনিচুকীয়া জিলাৰ ডিগবৈ আৰক্ষী থানাৰ অন্তৰ্গত টিংৰাইত শুকুবাৰে দিন দুপৰতে সংঘটিত হোৱা ভয়ংকৰ বিস্ফোৰণৰ সৈতে জড়িত দুয়োজন অভিযুক্ত যুৱককে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে তিনিচুকীয়া আৰক্ষীয়ে । ডিগবৈত আটক কৰা যুৱকজন লক্ষীপথাৰৰ মুনু ওৰফে হীৰেন গগৈ আৰু আনজন ৰঞ্জিত চাংমাই (১৯) বুলি জানিব পৰা গৈছে । মুনুয়ে ইয়াৰ আগত এটা সময়ত আলফাত আছিল আৰু শিৱসাগৰত সেনাবাহিনীৰ লগত সংঘৰ্ষত তেওঁৰ শৰীৰত গুলিও লাগিছিল ।
আনহাতে, মুনু গগৈয়ে বিভিন্ন সময়ত বিভিন্ন ধন দাবীকে ধৰি অপৰাধমূলক কাৰ্য্যৰে জড়িত আছিল আৰু ডিগবৈৰ থানাত ইয়াৰ গোচৰো ৰুজু আছে বুলি জানিব পৰা গৈছে । মঙলবাৰে পুৱতি নিশা আটকাধীন হিৰেণ গগৈক আৰক্ষীয়ে আটক কৰাৰ বিপৰীতে ৰঞ্জিত চাংমাইক ভাৰতীয় সেনাই মঙলবাৰে দিনৰ প্ৰায় দহ বজাত নিজা বাসগৃহৰ পৰা আটক কৰাৰ লগতে তেওঁলোকে ব্যৱহাৰ কৰা পালচাৰ বাইকখনো জব্দ কৰে ।
উল্লেখ্য যে, যোৱা ১৪ মে' তাৰিখে টিংৰাই বজাৰৰ পুৰণমল আগৰৱাল নামৰ ব্যৱসায়ী প্ৰতিষ্ঠানত দুজন বাইক আৰোহীয়ে নিক্ষেপ কৰিছিল গ্ৰেনেড । য'ত দুজনকৈ যুৱকে অকাল মৃত্যুক সাৱটি লোৱাৰ লগতে আন দুজন যুৱক গুৰুতৰভাৱে আহত হৈছিল ।