তিনিচুকীয়া, ৪ জুলাই: ৰাজ্যত পুনৰ সক্ৰিয় আছে তেল চুৰি চক্ৰ । বছৰ বছৰ ধৰি উজনি অসমত বৃহৎ পৰিমাণৰ অইলৰ কণ্ডেনচেট চুৰি হৈ আহিছে ৷ এতিয়া কণ্ডেনচেট চুৰিৰ ঘটনা একাংশৰ বাবে হৈ পৰিছে সাধাৰণ ঘটনা । অসাধু চক্ৰই অইলৰ তৈল খাদসমূহৰ পৰা সৰবৰাহ কৰা পাইপৰ পৰা ভাল্ব সংযোগ কৰি চুৰি কৰে কণ্ডেনচেট ৷ কিন্তু এই চুৰি কণ্ডেনচেট ক’ত কেনেকৈ চলে ব্যৱসায় সেই সন্দৰ্ভত তিনিচুকীয়া আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷
অইলৰ চুৰি কণ্ডেনচেট ক’ত কেনেকৈ কিয় ব্যৱহাৰ কৰা হয় তাৰ ৰহস্য ফাদিল কৰিবলৈ ইতিমধ্যে সক্ষম হৈছে তিনিচুকীয়া আৰক্ষীয়ে ৷ অইলৰ চুৰি কণ্ডেনচেট তিনিচুকীয়াৰ বজাৰত স্থানীয় ভাৱে ৰঙত ব্যৱহাৰ কৰা থীনাৰ হিচাপে বছৰ বছৰ ধৰি ব্যৱসায় চলাই আহিছে তিনিচুকীয়াৰ একাংশ ব্য়ৱসায়ীয়ে ৷ এই অবৈধ থীনাৰৰ বিৰুদ্ধে এতিয়া তিনিচুকীয়া আৰক্ষীয়ে তিনিচুকীয়া চহৰৰ বিভিন্ন ব্যৱসায়ীক প্ৰতিষ্ঠানত চলাইছে ব্যাপক অভিযান ৷
লগতে পঢ়ক:VP Jagdeep Dhankar Assam Visit: IIT গুৱাহাটীৰ ২৫সংখ্যক সমাৱৰ্তনত উপ-ৰাষ্ট্ৰপতি জগদীপ ধানখড়