অসম

assam

ETV Bharat / state

বাঘজানবাসীৰ ক্ষতিপূৰ্ণ সন্দৰ্ভত তিনিচুকীয়াৰ উপায়ুক্তলৈ পত্ৰ OILৰ - OIL

অইল ইণ্ডিয়া লিমিটেডে তিনিচুকীয়াৰ উপায়ুক্তলৈ ০২/১২/২০২০ত দিয়া পত্ৰখনত বাঘজানৰ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ ক্ষতিপূৰণ সম্পৰ্কে হিচাপ দিয়াৰ লগতে তাক কাৰ্যকৰী কৰাৰ বাবে অনুৰোধ জনায়। পত্ৰখনত তিনিচুকীয়া উপায়ুক্তৰ একাউণ্টত অইল ইণ্ডিয়া লিমিটেডে ৪৭১২.৫ লাখ টকা জমা কৰাৰ কথা উল্লেখ কৰা হৈছে ৷

as_tin_oil-issues-a-leeter-regaring-the-compensation-of-the-people-of-baghjanh_img_as10027
বাঘজানবাসীৰ ক্ষতিপূৰ্ণ সন্দৰ্ভত তিনিচুকীয়াৰ উপায়ুক্তলৈ পত্ৰ OILৰ

By

Published : Dec 2, 2020, 8:52 PM IST

তিনিচুকীয়া,2 ডিচেম্বৰঃ বাঘজানৰ ক্ষতিগ্ৰস্ত পৰিয়ালৰ ক্ষতিপূৰণ সম্পৰ্কে অইল ইণ্ডিয়া লিমিটেডৰ শেহতীয়া পত্ৰ । অইল ইণ্ডিয়া লিমিটেডে তিনিচুকীয়াৰ উপায়ুক্তলৈ ০২/১২/২০২০ত দিয়া পত্ৰখনত বাঘজানৰ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ ক্ষতিপূৰণ সম্পৰ্কে হিচাপ দিয়াৰ লগতে তাক কাৰ্যকৰী কৰাৰ বাবে অনুৰোধ জনায়। পত্ৰখনত তিনিচুকীয়া উপায়ুক্তৰ একাউণ্টত অইল ইণ্ডিয়া লিমিটেডে ৪৭১২.৫ লাখ টকা জমা কৰাৰ কথা উল্লেখ কৰা হৈছে ৷

বাঘজানবাসীৰ ক্ষতিপূৰ্ণ সন্দৰ্ভত তিনিচুকীয়াৰ উপায়ুক্তলৈ পত্ৰ OILৰ

অইল ইণ্ডিয়া লিমিটেডে টকাখিনি দিয়াৰ সময়ত কেইটামান দিশৰ ওপৰত গুৰুত্ব দিয়াৰ বাবে অনুৰোধ জনায় ৷ প্ৰথমতে, যিহেতু A আৰু B শ্ৰেণীত ভাগ কৰা ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক যথাক্ৰমে 15 লাখ আৰু 10 লাখ টকাকৈ দিয়া হ'ব, গতিকে এই টকা খিনি স্থায়ী সম্পত্তি নিৰ্মাণ, ফিক্স জমা আৰু চৰকাৰী বণ্ডত বিনিয়োগৰ কৰাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ অনুৰোধ অইল ইণ্ডিয়াৰ ৷ দ্বিতীয়তে,অইল ইণ্ডিয়া লিমিটেডে NGT ৰ আদেশ অনুসৰি ক্ষতিপূৰণ দিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ ৷ তৃতিয়তে, বিভিন্ন সংগঠন যেনে বাঘজান গাঁও মিলন জ্যোতি সংঘ আৰু অন্যান্য সংগঠনক কোনো ধৰণৰ বন্ধ / ব্লকেড নিদিবৰ বাবে অনুৰোধ জনায় ৷ কাৰণ এই ধৰণৰ কাৰ্যসমূহে চালিত কাৰ্যসমূহত ব্যাঘাত জন্মায় ।

উল্লেখ্য যে, এইক্ষেত্ৰত অইলে উপায়ুক্তক নিজৰ সুবিধা অনুযায়ী এখন ত্ৰিপাক্ষিক সভা পাতিবলৈ আহ্বান জনায়, য'ত অইল ইণ্ডিয়া লিমিটেডৰ পৰাও জ্যেষ্ঠ বিষয়া উপস্থিত থাকিব।

লগতে পঢ়ক-কোন ক'ত হব প্ৰাৰ্থীঃ ৰূপৰেখা প্ৰস্তুত অসম জাতীয় পৰিষদৰ

ABOUT THE AUTHOR

...view details