অসম

assam

By

Published : Jun 17, 2020, 11:10 PM IST

Updated : Jun 19, 2020, 8:32 PM IST

ETV Bharat / state

এইবাৰ ডিব্ৰু-ছৈখোৱাত অইলে চলাব তৈল খনন

অইল ইণ্ডিয়াৰ সকলো কু-চক্ৰান্ত ফাদিল,কেনেকৈ সকলোকে মেনেজ কৰি লুণ্ঠন চলাইছে খনিজ সম্পদৰ ওপৰত ৷ আমাৰ অনুসন্ধানত পোহৰলৈ আহিছে সকলো তথ্য ৷ তিনিচুকীয়া জিলাৰ ডিব্ৰুছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী বাঘজান তৈলক্ষেত্ৰত অইল ইণ্ডিয়া লিমিটেডে স্থাপন কৰা BGR-5 কুপটোত ২৭ মে’ৰ পৰা ১৪ দিন পৰ্যন্ত গেছ নিৰ্গত হৈ অৱশেষত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈ স্থানীয় ৫ খন গাঁওৰ জনসাধাৰণ,ডিব্ৰুছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকুল,মাগুৰী-মতাপুং বিলৰ লগতে সমগ্ৰ অঞ্চললৈ বিপদ মাতি অনাৰ পাছতেই উন্মোচিত হৈছে অইল ইণ্ডিয়া লিমিটেডৰ কু-কৰ্ম,অকমন্যতা আৰু প্ৰৱঞ্চনাৰ ভয়ংকৰ তথ্য।

এইবাৰ ডিব্ৰু-ছৈখোৱাত অইলে চলাব তৈল খনন
এইবাৰ ডিব্ৰু-ছৈখোৱাত চলিব অইলৰ তৈল খনন

তিনিচুকীয়া, 17 জুনঃবাঘজান কাণ্ডৰ পূৰ্বে দিহিং পাটকাই বৰ্ষাৰণ্যত চৰকাৰে কয়লাৰ খনন চলাবলৈ প্ৰদান কৰা অনুমতিক লৈ সমগ্ৰ দেশতে এক ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল আৰু তেনে সময়তে চৰ্চালৈ আহিছিল ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান৷ ডিব্ৰু- ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত৭ টাকৈ স্থানত তৈলখননৰ বাবে চৰকাৰে অইল ইণ্ডিয়াক অনুমতি প্ৰদান কৰিছিল। দিহিং পাটকাইৰ লগতে ডিব্ৰুগড় ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ৭ টাকৈ স্থানত অইলক খনন কৰিবলৈ অনুমতি দিয়া বিষয়টোৱে চৰ্চা লাভ কৰি থকা সময়তে বাঘজান তৈলক্ষেত্ৰৰ পাঁচ নং খাদত ভংয়কৰ জুই লাগে ৷

এইবাৰ ডিব্ৰু-ছৈখোৱাত অইলে চলাব তৈল খনন
বাঘজান কাণ্ডৰ সম্পৰ্কে আলোচনা কৰাৰ পূৰ্বে আমি আপোনাক ক'ব বিচাৰিছো কি দৰে অইল ইণ্ডিয়াক অনুমতি প্ৰদান কৰা হ'ল এটা Eco Sensitive স্থানত তৈল খনন কৰিবলৈ ?

অঞ্চলটোৰ একাংশ দল সংগঠন তথা ৰাইজৰ অভিযোগ যে ৰাজহুৱা শুনানি অনুষ্ঠিত নকৰাকৈ ডিব্ৰু-ছৈখোৱাত কেনেকৈ লাভ কৰিলে তৈল খননৰ অনুমতি ? কিয়নো যিকোনো কোনো স্থানত কোনো উদ্যোগ প্ৰতিষ্ঠান স্থাপন কৰিবলৈ হ'লে উক্ত কম্পানীটোৱে স্থানীয় লোকৰ পৰা মতামত গ্ৰহণ কৰি সৰ্বপ্ৰথমে এই কথাটো নিশ্চিত কৰাৰ প্ৰয়োজন যে নিৰ্বাচিত স্থানত উদ্যোগ স্থাপন কৰিলে জৈৱ বৈচিত্ৰ আৰু স্থানীয় লোকে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় বা বিপদৰ সন্মুখীন নহয়। ইয়াৰোপৰি Ministry of Environment, Forests & Climate Change চমুকৈ MOEFCC আৰু ৰাজ্যিক চৰকাৰৰ অনুমতিৰ প্ৰয়োজন আৰু এই অনুমতি পত্ৰত তেওঁলোকে এই কথা উল্লেখ কৰিব লাগিব যে উদ্যোগ স্থাপন কৰিব বিচৰা অঞ্চলটো সকলো ধৰণৰ বাধাৰ পৰা মুক্ত ৷ এই অনুমতি পত্ৰৰ অবিহনে কোনো এক স্থানত উদ্যোগ স্থাপন কৰাটো সম্ভৱ নহয়। 'Environment Impact Assessment (EIA) Notification, 2006'অনুসৰি,কোনো উদ্যোগ প্ৰতিষ্ঠানে পৰিৱেশৰ ওপৰত পেলাব পৰা সাম্ভাব্য বিপদ আৰু সংবেদনশীল অঞ্চলৰ ওপৰত ভিত্তি কৰি উদ্যোগ স্থাপন কৰিব পৰা Project সমূহক A আৰু B দুটা ভাগত বিভক্ত কৰা হয়। ইয়াৰে A খণ্ডৰ Project বা প্ৰকল্প সমূহৰ অনুমোদন দিয়ে কেন্দ্ৰীয় চৰকাৰে আৰু B খণ্ডৰ প্ৰকল্প সমূহক অনুমোদন দিয়ে ৰাজ্য চৰকাৰে।

ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বন ঘৰচীয়া ঘোঁৰা

কোনো এক প্ৰতিষ্ঠানৰ পৰা উদ্যোগ স্থাপন কৰিবলৈ প্ৰস্তাৱ পোৱাৰ পাছত 'EXPERT APPRAISAL COMMITTEE'নামৰ এখন কমিটিয়ে Terms of Reference চমুকৈ TOR নামৰ এটা প্ৰকল্প গঠন কৰে। এই TOR বাTerms of Referenceৰ নিৰ্দেশ অনুসৰি উদ্যোগ স্থাপন কৰিব বিচৰা প্ৰতিষ্ঠানটোৱে উদ্যোগ স্থাপনৰ ফলত হ'ব পৰা ক্ষয়-ক্ষতিৰ নমুনাৰ এক প্ৰতিবেদন প্ৰস্তুত কৰি উলিয়াব লাগে আৰু Environment Impact Assessment বা EIAয়ে পৰ্যবেক্ষণ কৰাৰ পাছতহে প্ৰতিষ্ঠানটোৱে দাখিল কৰা প্ৰতিবেদনখন চূড়ান্ত কৰা হয়।

অইল ইণ্ডিয়া লিমিটেডক ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সাত কিঃমি ভিতৰলৈকে তেলৰ সন্ধান,পাইপ লাইন স্থাপন আৰু অন্যান্য কাৰিকৰী কামৰ বাবে অনুমতি প্ৰদান কৰা হয়।

এইবাৰ ডিব্ৰু-ছৈখোৱাত চলিব অইলৰ তৈল খনন
উল্লেখযোগ্য যে ২০১৬ চনৰ ১২ এপ্ৰিল তাৰিখে উচ্চতম ন্যায়ালয়ে বিষয়টো Central Empowerd Committee চমুকৈ CEC অৰ্পণ কৰে আৰু CEC য়ে বিষয়টো ২০১৬ চনৰ ৯ মে তাৰিখে Standing Committee of the National Board for Wildlife চমুকৈ SC-NBWL লৈ হস্তান্তৰ কৰে আৰু ইয়াৰ পাছতে উচ্চতম ন্যায়ালয়ে ২০১৬ চনৰ পৰা ২০১৭ চনৰ ভিতৰত তিনিবাৰকৈ NBWLক সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত মতামত দিবলৈ নিৰ্দেশনা দিয়ে। কিন্তু তাৎপৰ্যপূৰ্ম কথাটো হ'ল যে CEC য়ে বিষয়টো NBWL ক হস্তান্তৰ কৰাৰ লগে লগেই OIL এ ডিব্ৰুচৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰস্তাৱিত এলেকা সমূহ পৰ্যৱেশনৰ কৰিবলৈ Terms of Reference কমিটিৰ বাবে আবেদন জনাই। EAC OIL ৰ আবেদন খনৰ সম্পৰ্কে এক সভাত আলোচনা কৰে আৰু ২০১৬ চনৰ ৩ আগষ্ট তাৰিখে Terms of Reference কমিটিৰ অনুমোদন প্ৰদান কৰে।কিন্তু TOR কমিটিক অনুমোদনৰ বাবে OILক ৰাজহুৱা শুনানিৰ প্ৰয়োজন হ'য়।ইপিনে অইলে TOR কমিটিক ৰাজহুৱা শুনানি গ্ৰহণ নকৰিবলৈ অনুৰোধ জনাই যদিও ২০১৭ চনৰ ফেব্ৰুৱাৰীত TOR এ OILক ৰাজহুৱা শুনানি গ্ৰহণ কৰিবলৈ বাধ্যতামূলক ভাৱে নিৰ্দেশনা দিয়ে। উপায়ন্তৰ হৈ অইলে 2011 চনত তিনিচুকীয়া জিলাত গ্ৰহণ কৰা অন্য এটা স্থানৰ ৰাজহুৱা শুনানিৰ প্ৰতিবেদন জৰিয়তেEnvironment Impact Assessment বা EIA ৰিপৰ্ট প্ৰস্তুত কৰি ২০১৯ চনত Environmental Clearanceৰ বাবে আবেদন কৰে।
কাৰ গাফিতলিৰ বাবে বাঘজানত এই অঘটন ?
কিন্তু NBWLৰ এখন স্থায়ী সমিতিৰ পৰ্যৱেষণত এই কথা পোহৰ লৈ আহে যে অইলে ENVIRONMENTAL CLEARANCEৰ অবিহনেই প্ৰকল্পৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল। ইয়াৰ পাছতে এই স্থায়ী সমিতি খনে অইলক পৰিৱেশ সুৰক্ষা আৰু হ'ব পৰা সাম্ভাব্য বিপদৰ এখন পত্ৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। আৰু লগতে অইলে কমেও দহ বছৰ পৰ্যন্ত অসমৰ বন বিভাগক অৰ্থনৈতিক আৰু আনুষংগিক অন্যান্য সহায় আগবঢ়াবলৈ নিৰ্দেশ দিয়ে৷ কিন্তু 2019 চনত Ministry of Environment, Forests & Climate Change চমুকৈ MOEFCCয়ে ৰাজহুৱা শুনানি অবিহনেই Environmental Clearance পোৱাৰ কাৰ্যত বিৰোধিতা কৰি ২০১৯ চনৰ মে মাহত এই প্ৰকল্প কাম স্থগিত ৰাখি MOEFCCয়ে অইলক ৰাজহুৱা শুনানিৰ ৰিপোৰ্ট প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে ৷ বিভিন্ন কৌশলেৰে পিচত 2020 চনৰ 11 মে’ Environmental Clearence ৰিপৰ্ট প্ৰদান কৰি অইলক ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ 7 টা স্থানত খননৰ বাবে অনুমতি প্ৰদান কৰে ৷ এতিয়া প্ৰশ্ন হয় বাঘজানৰ অগ্নিকাণ্ডকেই অইলে নিয়ন্ত্ৰণ কৰিব পৰা নাই? তেনেস্থলত ডিব্ৰুগড় ছৈখোৱাত যদিহে এনেকুৱা ঘটনা সংঘটিত হ'লে কি পৰিস্থিতি হ’ব ? আৰু কিমান দিনলৈ অইলে নিজৰ স্বাৰ্থৰ বাবে মানুহৰ জীৱন সম্পত্তি বিপদলৈ ঠেলি দিব? এই প্ৰশ্ন ৰাইজৰ ৷

লগতে চাওকঃ চিৰকাললৈ নিঃশেষ হৈ যাব নেকি জৈৱ বৈচিত্ৰৰে ভৰা মাগুৰি মতাপুং বিল ?

Last Updated : Jun 19, 2020, 8:32 PM IST

ABOUT THE AUTHOR

...view details