অসম

assam

ETV Bharat / state

তিনিচুকীয়াতে অইল ইণ্ডিয়াৰ তেল চুৰিৰ 126টা গোচৰ পঞ্জীয়ন - নিৰাপত্তা বাহিনীৰ শীৰ্ষ বিষয়া

দুলিয়াজান অইলৰ নিৰাপত্তা বাহিনীৰ শীৰ্ষ বিষয়া ৰঞ্জিত কুমাৰ মাহাতু আৰু বিমল চেতিয়াই জনোৱা তথ্য অনুসৰি এতিয়ালৈকে তিনিচুকীয়া জিলাখনত ১৪২ টা তেল চুৰিৰ ঘটনা সংঘটিত হৈছে তাৰে ১২৬ টা ঘটনাৰ বিৰুদ্ধে গোচৰো পঞ্জীয়ন হৈছে বুলি সদৰি কৰে বিষয়া দ্বয়ে ৷

অইল ইণ্ডিয়া লিমিটেডৰ তেল চুৰি দুৰ্বৃত্তৰ
অইল ইণ্ডিয়া লিমিটেডৰ তেল চুৰি দুৰ্বৃত্তৰ

By

Published : Jun 24, 2021, 1:28 PM IST

তিনিচুকীয়া,24 জুন: ৰাজ্যত অব্যাহত আছে অইল ইণ্ডিয়াৰ তেল চুৰি কাৰ্য ৷ অইলৰ ক্ৰুডেল, কণ্ডেচেত তেল আৰু অইল ইণ্ডিয়াৰ লিমিটেডৰ পাইপ আদিৰ চুৰি কাৰ্যত লিপ্ত হৈ পৰিছে অসাধু চক্ৰই । শেহতীয়াকৈ পুনৰ পোহৰলৈ আহিছে এই তেল চুৰিৰ ঘটনাৰ বিভিন্ন তথ্য । কিন্তু এতিয়ালৈকে অইল ইণ্ডিয়াৰ নিৰাপত্তা বাহিনীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই এই বৃহৎ অসাধু চক্ৰটোৰ লগত জড়িত আঁৰৰ ব্যক্তি সকলক ।

উল্লেখযোগ্য যে, চলিত মাহৰ ২১ জুনত পুৱা প্ৰায় ১০.৩০ বজাত লাংকাচি আৰক্ষীৰ সহযোগত নগাজান অইলৰ নিৰাপত্তাৰক্ষী এটা দলে বজালনী নগাঁৱৰ এক বিশেষ সূত্ৰৰ পোৱা খবৰৰ পমখেদি কৰি প্ৰায় ৫৮০ লিটাৰ তেল সহ AS-23-P-5645 নম্বৰৰ এখন মাৰুতি ভেন জব্দ কৰিবলৈ সক্ষম হৈছিল ।

অইল ইণ্ডিয়া লিমিটেডৰ তেল চুৰি দুৰ্বৃত্তৰ

ইপিনেদি দুলিয়াজান অইলৰ নিৰাপত্তা বাহিনীৰ শীৰ্ষ বিষয়া ৰঞ্জিত কুমাৰ মাহাতু আৰু বিমল চেতিয়াই জনোৱা তথ্য অনুসৰি এতিয়ালৈকে তিনিচুকীয়া জিলাখনত ১৪২ টা তেল চুৰিৰ ঘটনা সংঘটিত হৈছে তাৰে ১২৬ টা ঘটনাৰ বিৰুদ্ধে গোচৰো পঞ্জীয়ন হৈছে বুলি সদৰি কৰে বিষয়া দ্বয়ে ৷

আনহাতে চলিত বৰ্ষত বৰ্তমানলৈকে লাংকাচি আৰক্ষী চকীৰ অন্তৰ্গত অঞ্চলত তেল চুৰি ঘটনাৰ বিৰুদ্ধে ৩৫ টাকৈ গোচৰ পঞ্জীয়ন হৈ থকাৰ বিপৰীতে তেল চুৰি কাৰ্যত জড়িত তিনিখনকৈ গাড়ী, দুজনকৈ ব্যক্তি আৰু বৃহৎ পৰিমাণৰ চুৰি তেল জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষী ।

উল্লেখযোগ্য যে, দীৰ্ঘ দিনৰ পৰা অইলৰ খাৰুৱা তেল একাংশ দুষ্টচক্ৰই চুৰি কৰি আহিছে । একাংশ পুঠি-খলিহনা আৰক্ষীৰ জালত পৰিছে যদিও কিন্তু এতিয়ালৈকে আৰক্ষীৰ জালত পৰা নাই এই অবৈধ কাৰ্যত জড়িত ৰৌ-বৰালি। আৰক্ষীয়ে তদন্তৰ নামত তদন্ত কৰিয়ে আছেক, কিন্তু আজিকোপতি জালত পেলাব পৰা নাই বৃহৎ তেল চুৰি চক্ৰটোৰ মূল খলনায়কক ৷

এতিয়া প্ৰশ্ন হয় অইল ইণ্ডিয়াৰ নিৰাপত্তাৰক্ষী বাহিনীয়ে আৰক্ষীৰ সহযোগত এই দুষ্টচক্ৰটোক জালত পেলাব পাৰিবনে ? নে দুষ্ট চক্ৰটোৱে সকলোৰে আঁৰত থাকি কাম কৰি যোৱা একাংশ দুৰ্নীতি পৰায়ণ বিষয়াক মেনেজ দি এই তেল চুৰি কাণ্ড সংঘটিত কৰি যাব ৷

লগতে পঢ়কঃ ৰঙিয়াত বিদ্যুৎ চুৰি ৰোধ কৰিবলৈ বিদ্যুৎ বিভাগে গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ

ABOUT THE AUTHOR

...view details