অসম

assam

By

Published : Jul 31, 2020, 6:10 PM IST

ETV Bharat / state

BOP সংস্থাপনত বিফল অইল ইণ্ডিয়া: বাগৰি পৰিল ক্ৰেন

বিগত 66 দিনে অহৰহ নিৰ্গত হৈ থকা বাঘজানৰ তৈলকুপৰ জুই নিৰ্বাপনত পুনৰবাৰ বিফল অইল ইণ্ডিয়াৰ লগতে, বিদেশৰ পৰা বিশেষজ্ঞৰ দল ৷ শুকুৰবাৰে অগ্নি নিৰ্বাপনৰ বাবে BOP সংস্থাপন কৰি থকাৰ সময়তে বাগৰি পৰিল কম বহন ক্ষমতাযুক্ত ক্ৰেন ৷

বাগৰি পৰিল ক্ৰেন
বাগৰি পৰিল ক্ৰেন

তিনিচুকীয়া, 31 জুলাই:বিগত 9 জুনত ভয়ংকৰ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ড সংঘটিত হৈছিল 27 মে'ৰ পৰা অহৰত গেছ নিৰ্গত হৈ থকা বাঘজানৰ বি.জি.আৰ-৫নং তৈলখাদত ৷ যাৰ ফলত ব্যাপক লোকচানৰ সন্মুখীন হৈছিল তৈলখাদটোৰ নিকটৱৰ্তী লোকসকল ৷ সেই অগ্নিকাণ্ডত মৃত্যুক সাৱটি লৈছিল দুগৰাকীকৈ অগ্নি নিৰ্বাপক বাহিনীৰ লোকে ৷ গৃহহাৰা হৈ পৰিছিল বহু লোক ৷ কিন্তু বাঘজান কাণ্ডৰ 66 দিন অতিক্ৰম কৰাৰ পাচতো বিস্ফোৰণস্থলীত প্ৰতিদিনেই নিৰ্গত হৈ আছে জুই ৷ এই জুই নুমোৱাবলৈ অনা হৈছিল ছিংগাপুৰ আৰু আমেৰিকাৰ বিশেষজ্ঞ ৷ কিন্তু পুনৰবাৰ তেওঁলোক বিফল অগ্নি নিৰ্বাপন কৰাত ৷

BOP সংস্থাপনত বিফল অইল ইণ্ডিয়া: বাগৰি পৰিল ক্ৰেন

বিগত 22 জুলাইতো অহৰহ জ্বলি থকা অগ্নি নিৰ্বাপনৰ চেষ্টা চলাই থকাৰ সময়তেই আন এক ভয়ংকৰ বিস্ফোৰণসংঘটিত হৈছিল ৷ বিদেশী বিশেষজ্ঞসহ এটা বৃহৎ দলে কাম কৰি থকা অৱস্থাত অইলৰ পাইপ বিস্ফোৰণ হৈ গুৰুতৰভাৱে আহত হৈছিল আমেৰিকাৰ তিনি গৰাকীকৈ বিশেষজ্ঞ ৷ শুকুৰবাৰে পুনৰ অগ্নি নিৰ্বাপনৰ বাবে BOP সংস্থাপন কৰিবলৈ ব্যৱহাৰ কৰা ক্ৰেনখন বাগৰি পৰে ৷ ফলত আকৌ এবাৰ ঘটনা নিয়ন্ত্ৰণত বিফল হ'ল বিশেষজ্ঞৰ দল ৷ BOP সংস্থাপন কৰিবলৈ ব্যৱহাৰ কৰা ক্ৰেন খনৰ বহন ক্ষমতা কম হোৱাৰ বাবেই নিৰ্দিষ্ট তৈল কুপটোৰ পৰা তললৈ বাগৰি আহে BOP টো ৷ এই ঘটনাই যেন পুনৰবাৰ অনিশ্চয়তা কঢ়িয়াই আনিছে বাঘজানৰ অগ্নি নিৰ্বাপনৰ ক্ষেত্ৰত ৷ বাঘজান যুৱক সংঘই তীব্ৰ ক্ষোভ প্ৰকাশ কৰিলে অইলৰ এই বিফলতাত ৷ ভূ-গৰ্ভৰ পৰা সৃষ্টি হোৱা গেছৰ চাপৰ ফলত লক্ষ্যভ্ৰস্ত ক্ৰেন বাগৰি পৰিল মাটিত ৷ বিশ্বস্ত সুত্ৰই উল্লেখ কৰা অনুসৰি,ইতিমধ্যে নিজ দেশলৈ ঘূৰি যোৱাৰ যো-জা চলাইছে বিশেষজ্ঞৰ দলে ৷ যদি এনে হয় তেন্তে আগন্তুক দিনতো এই অগ্নি নিৰ্বাপনৰ ক্ষেত্ৰত বিফল হোৱাৰ সম্ভাৱনা অইল ইণ্ডিয়াৰ ৷

লগতে পঢ়ক:বাঘজানৰ বিস্ফোৰণঃ 3 বিদেশী বিশেষজ্ঞ আহত

ABOUT THE AUTHOR

...view details