অসম

assam

ETV Bharat / state

বাঘজানৰ তৈলখাদ পৰিদৰ্শন মন্ত্ৰী সঞ্জয় কিষাণ আৰু যোগেন মোহনৰ - বাঘজানৰ অইল ইণ্ডিয়াৰ "BGR-5" নম্বৰ তৈলখাদত সংঘটিত হোৱা বিস্ফোৰণ

বৃহত্তৰ অঞ্চলটোৰ লোকসকলৰ হোৱা ক্ষয় ক্ষতিৰ সম্পূৰ্ণ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা হ'ব বুলি আশ্বাস মন্ত্ৰী যোগেন মোহনৰ । বাঘজানৰ এই তৈলখাদ পৰিদৰ্শনৰ সময়ত মন্ত্ৰী সঞ্জয় কিষাণ আৰু যোগেন মোহনৰ লগত উপস্থিত থাকে ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকন ।

মন্ত্ৰী সঞ্জয় কিষাণ আৰু যোগেন মোহন
মন্ত্ৰী সঞ্জয় কিষাণ আৰু যোগেন মোহন

By

Published : Jun 1, 2020, 7:38 PM IST

তিনিচুকীয়া, 1 জুনঃ 27 মে'ত পৰা তিনিচুকীয়া জিলাৰ বাঘজানৰ অইল ইণ্ডিয়াৰ "BGR-5" নম্বৰ তৈলখাদত সংঘটিত হোৱা বিস্ফোৰণৰ ফলত অহৰহ তেল সংমিশ্ৰিত গেছ নিৰ্গত হোৱা কাৰ্য আজি ষষ্ঠ দিনলৈকে বন্ধ কৰিবলৈ সক্ষম হোৱা নাই অইল ইণ্ডিয়া কৰ্তৃপক্ষই। বাঘজানৰ তৈলখাদটোৰ লগতে ক্ষতিগ্ৰস্ত অঞ্চল আৰু আশ্ৰয় শিবিৰ সমূহ সোমবাৰে পৰিদৰ্শন কৰে অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মোহনৰ লগতে অসম চৰকাৰৰ শ্ৰম আৰু চাহ জনজাতি কল্যাণ স্বতন্ত্ৰ মন্ত্ৰী সঞ্জয় কিষানে ।

তৈলখাদ পৰিদৰ্শন মন্ত্ৰী সঞ্জয় কিষাণ আৰু যোগেন মোহনৰ

আশ্ৰয় শিবিৰত থকা লোকসকলৰ সৈতেও বাৰ্তালাপ কৰে মন্ত্ৰী দুগৰাকীয়ে। সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত মন্ত্ৰী যোগেন মোহনে কয় যে, এই গেছ নিৰ্গমণ অতি শীঘ্ৰে বন্ধ কৰাৰ ব্যৱস্থা কৰিবলৈ অইল ইণ্ডিয়া কৰ্তৃপক্ষই চেষ্টা কৰি আছে আৰু বিদেশৰ পৰা বিশেষজ্ঞ আনি হ'লেও এই নিৰ্গমণ বন্ধ কৰা হ'ব ।

ইফালে, অঞ্চলটোৰ ক্ষয়-ক্ষতিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট বিভাগসমূহে তদন্ত কৰি অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ জড়িয়তে অঞ্চলটোৰ জণসাধাৰণক সম্পূৰ্ণ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা হ'ব বুলিও উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে । বাঘজানৰ তৈলখাদ পৰিদৰ্শনৰ সময়ত মন্ত্ৰী সঞ্জয় কিষাণ আৰু যোগেন মোহনক সংগ দিয়ে ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকনে ।

লগতে চাওকঃ বিদ্যুৎ সংশোধনী বিধেয়কৰ বিৰুদ্ধে বিশ্বনাথত শক্তি বিভাগৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details