ডুমডুমা, 18 জানুৱাৰীঃশুকুৰবাৰে অইল ইণ্ডিয়া লিমিটেডৰ কৰ্পৰেট সামাজিক দায়বদ্ধতা আচঁনিৰ অধীনত ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানে বিনামুলীয়াকৈ মৌ মাখিৰ লগতে মৌ বাকচ বিতৰণ কৰে ৷ 'অইল জীৱিকা' নামৰ আঁচনিৰ অধীনত প্ৰতিষ্ঠানটোৱে অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ দিয়ুন ৰাজহ চক্ৰ আৰু নামচাই জিলাৰ মুঠ পাঁচখন গাঁৱৰ 250 গৰাকী লোকক এইদৰে মৌ-মাখি তথা মৌ-পালনৰ সামগ্ৰী বিতৰণ কৰে ৷ ইয়াৰ উপৰিও 150 গৰাকী স্থানীয় যুৱক-যুৱতীক মাহ জাতীয় শস্য আৰু বাজৰা খেতিৰে স্ব-নিৰ্ভৰশীল হ'ব পৰাকৈ বিনামূলীয়াকৈ প্ৰশিক্ষণ প্ৰদান কৰে ৷
অৰুণাচলৰ দিয়ুনত অইল জীৱিকাৰ অধীনত মৌ মাখি আৰু মৌ বাকচ বিতৰণ - bee distribution at Arunachal
অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ দিয়ুন ৰাজহ চক্ৰ আৰু নামচাই জিলাৰ মুঠ পাঁচখন গাঁৱৰ লোকক স্ব-নিৰ্ভৰশীল কৰিবলৈ শুকুৰবাৰে অইল ইণ্ডিয়া লিমিটেডৰ 'অইল জীৱিকা' নামৰ কৰ্পৰেট সামাজিক দায়বদ্ধতা আচঁনিৰ অধীনত মৌ মাখি আৰু মৌ বাকচ বিতৰণ কৰা হয় ৷
মৌ মাখি আৰু মৌ বাকচ বিতৰণ
অৰুণাচলৰ ইনাও আহোম ক্লাৱত অইল জীৱিকা আৰু ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানৰ বিষয়াসকলৰ উপস্থিতিত এইদৰে সামগ্ৰীসমূহ বিতৰণ কৰা হয় ৷ কাৰ্যসূচীত অইল ইণ্ডিয়াৰ বিষয়া দিলীপ কুমাৰ ভূঞা আৰু নয়না মাধু দত্ত, ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানৰ বিষয়া ড৹ শ্ৰীপৰ্ণা বি বৰুৱা, গাঁও আৰু ৰাজহ চক্ৰৰ মুৰব্বী লাজালা চিংফৌ আৰু জেকব তাবিং উপস্থিত থাকে ৷ এই আঁচনিৰ যোগেদি স্থানীয় যুৱক-যুৱতীসকল বহু পৰিমানে লাভাম্বিত হ'ব বুলি আশা কৰা হৈছে ৷
লগতে পঢ়ক - দিল্লীৰ গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীত অংশ ল'বলৈ সাজু 636 গৰাকী শিক্ষাৰ্থী