অসম

assam

ETV Bharat / state

শিহুৰ মৃত্যু সন্দৰ্ভত গা-এৰা মন্তব্য অইল কৰ্তৃপক্ষৰ - oil india limited

বাঘজান ঘটনা সন্দৰ্ভত অইল ইণ্ডিয়াৰ সংবাদমেল সম্বোধন ৷ তৈলখাদৰ পৰা তেল আৰু গেছ নিৰ্গমণ বন্ধ কৰিবৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে বুলি মন্তব্য কৰে অইল ইণ্ডিয়া লিমিটেডৰ কৰ্তৃপক্ষই ৷

oil addresses a press meet on baghjan oilfield incident in tinisukia
বাঘজান তৈলখাদৰ সমীপৰ লোকসকলৰ সুৰক্ষাৰ ব্যৱস্থা গ্ৰহণ অইল ইণ্ডিয়া লিমিটেডৰ

By

Published : May 31, 2020, 8:08 PM IST

তিনিচুকীয়া, 31 মে’:সংবাদমাধ্যমৰ শিৰোনাম দখল কৰি থকা তিনিচুকীয়াৰ বাঘজান তৈলখাদৰ ঘটনা সন্দৰ্ভত দেওবাৰে এক সংবাদমেল সম্বোধন কৰে অইল ইণ্ডিয়া লিমিটেডৰ কৰ্তৃপক্ষই ৷ তিনিচুকীয়াৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত সম্বোধন কৰা সংবাদমেলখনত উপস্থিত থাকে অইলৰ মুখ্য পৰিচালন সঞ্চালক সুশীল চন্দ্ৰ মিশ্ৰ, অইলৰ উচ্চ পদস্থ বিষয়া, তিনিচুকীয়াৰ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক ৷

সংবাদমেলত বাঘজানৰ তৈলখাদৰ পৰা নিৰ্গত তেল, গেছ নিৰ্গমন বন্ধৰ কৰিবৰ বাবে অইল কৰ্তৃপক্ষৰ লগতে অএনজিছিৰ অভিজ্ঞ ব্যক্তিৰ লগতে গুজৰাটৰ বৰোদৰাৰ পৰা অহা এটা দলে ইতিমধ্যে অহৰহ প্ৰচেষ্টা অব্যাহত ৰখাৰ কথা অৱগত কৰাৰ লগতে খাদৰ সমীপৰ লোকসকলক জিলা প্ৰশাসনৰ সহযোগত দুটা কৈ ৰিলিফ কেম্পত ৰখাৰ লগতে খাদ্য, বিশুদ্ধ পানীৰ লগতে স্বাস্থ্যসেৱাৰ ব্যৱস্থা কৰাৰ কথাও সংবাদমেলত উল্লেখ কৰে অইল কৰ্তৃপক্ষই ৷

লক্ষ্যণীয় যে, সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমতো বিশেষভাৱে সমালোচিত হৈ থকা খাদৰ পৰা নিৰ্গত হোৱা তেল, গেছৰ ফলত ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে মাগুৰি মতাপুং বিলৰ জৈৱ বৈচিত্ৰত প্ৰভাৱ পৰাৰ লগতে শিহুৰ মৃত্যু হোৱা সম্পৰ্কত সাংবাদিকে প্ৰশ্ন কৰাত কৰ্তৃপক্ষই গা এৰা দিয়াহে পৰিলক্ষিত হয় ৷ তৈলখাদৰ পৰা নিৰ্গত তেল, গেছৰ ফলত ৰাষ্ট্ৰীয় উদ্যানৰ লগতে মাগুৰি মতাপুং বিলৰ জৈৱ বৈচিত্ৰত কোনো প্ৰভাৱ নপৰে বুলি উল্লেখ কৰি মাগুৰি মতাপুং বিলৰ শিহু অন্য কাৰণত মৃত্যু হোৱা বুলিহে মন্তব্য কৰে অইল কৰ্তৃপক্ষই ।

বাঘজান তৈলখাদৰ সমীপৰ লোকসকলৰ সুৰক্ষাৰ ব্যৱস্থা গ্ৰহণ অইল ইণ্ডিয়া লিমিটেডৰ

ৰাষ্ট্ৰীয় উদ্যানৰ লগতে মাগুৰি বিলৰ পৰিবেশ সংবেদনশীল এলেকাৰ ভিতৰত কেনেদৰে অইলে খনন চলাইছে আৰু ইয়াৰ জৈৱ বৈচিত্ৰত প্ৰভাৱৰ লগতে শিহু পৰ্যন্ত মৃত্যু হোৱা বিষয়টো অইলে গা-এৰা দিয়াৰ বিষয়টো প্ৰকৃতিপ্ৰেমী সকলে কেনেধৰে গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়কঃকোভিড ১৯ : আৰোগ্য সেতুৰ দৰে কেজৰিৱাল চৰকাৰে মুকলি কৰিব মোবাইল এপ

ABOUT THE AUTHOR

...view details