তিনিচুকীয়া,২০ মে': তিনিচুকীয়াৰ নৱনিযুক্ত জিলা উপায়ুক্ত হিচাপে বুধবাৰে পাৱাৰ নাৰ্ছিং সাম্ভাজিয়ে কাৰ্যালয়ত যোগদান কৰে ৷ পূৰ্বৰ জিলা উপায়ুক্ত দিগন্ত শইকীয়াৰ স্থানত স্থলাভিষিক্ত কৰা হৈছে সাম্ভাজিক ৷
তিনিচুকীয়াৰ নতুন উপায়ুক্ত পাৱাৰ নাৰ্ছিং সাম্ভাজিৰ কাৰ্যভাৰ গ্ৰহণ - তিনিচুকীয়া জিলাৰ নতুন উপায়ুক্ত পাৱাৰ নাৰ্ছিং সাম্ভাজি কার্যভাৰ গ্ৰহণ
বুধবাৰে আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে তিনিচুকীয়াৰ নতুন উপায়ুক্ত পাৱাৰ নাৰ্ছিং সাম্ভাজিয়ে ।
![তিনিচুকীয়াৰ নতুন উপায়ুক্ত পাৱাৰ নাৰ্ছিং সাম্ভাজিৰ কাৰ্যভাৰ গ্ৰহণ Tinsukia DC](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11826040-305-11826040-1621484887670.jpg)
তিনিচুকীয়াৰ নতুন উপায়ুক্ত পাৱাৰ নাৰ্ছিং সাম্ভাজিৰ যোগদান
কাৰ্যালয়ত যোগদানৰ পিছতে উপায়ুক্ত গৰাকীক মটক স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সৰোজ গোঁহাই, সদৌ অসম মটক সন্মিলনৰ সম্পাদক কিৰণ ৰাজখোৱা, সদৌ মটক যুৱ ছাত্ৰ সন্মিলনৰ সম্পাদক স্বৰূপ গোঁহাই, সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি নৱ মৰাণ, সম্পাদক মুনীন্দ্র দুৱৰাই গামোচাৰে আদৰণি জনায় ।
TAGGED:
Tinsukia new DC joining