অসম

assam

By

Published : Jul 26, 2020, 2:19 PM IST

ETV Bharat / state

বিজেপিৰ নেতাৰ কুকীৰ্তি : মহিলালৈ ছ'চিয়েল মিডিয়াৰ জৰিয়তে অশ্লীল প্ৰস্তাৱ

তিনিচুকীয়াত বিজেপি নেতাই মহিলালৈ ছ'চিয়েল মিডিয়াৰ জৰিয়তে প্ৰেৰণ কৰিছে অশ্লীল মেছেজ ৷ এই বিজেপি নেতাগৰাকী হৈছে তিনি সন্তানৰ পিতৃ তথা 65 বৰ্ষীয় মনোজ মানকি ৷

মহিলালৈ ছ'চিয়েল মিডিয়াৰ জৰিয়তে অশ্লীল মেছেজ
বিজেপিৰ নেতাৰ কুকীৰ্তি

শদিয়া, 26 জুলাই : তিনিচুকীয়া জিলাৰ কাকপথাৰত বিজেপি নেতাৰ নিৰ্লজ্জ কাণ্ড ৷ 65 বৰ্ষীয় ৰাজ্যিক পৰ্যায়ৰ বিজেপি নেতাই ছাত্ৰীলৈ প্ৰেৰণ কৰিলে অশ্লীল মেছেজ ৷ এই কাণ্ড সংঘটিত কৰিছে কাকপথাৰ কুমচাঙৰ ভাৰতীয় জনতা পাৰ্টীৰ অসম ৰাজ্যিক কমিটিৰ চাহ মৰ্চাৰ সাধাৰণ সম্পাদক মনোজ মানকিয়ে ৷ কাকপথাৰ কনিষ্ঠ মহাবিদ্যালয় পৰিচালনা সমিতিৰ উপ সভাপতি হিচাপে কাৰ্যনিবাহ কৰা মনোজ মানকিৰ সুন্দৰী যুৱতীৰ প্ৰতি দূৰ্বলতাৰ কথা পূৰ্বেও পোহৰলৈ আহিছিল ৷

বিজেপিৰ নেতাৰ কুকীৰ্তি

ঘটনাৰ বিৱৰণী অনুসৰি, মনোজ মানকিয়ে ছ'চিয়েল মিডিয়াৰ জৰিয়তে ডুমডুমা মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীক অশ্লীল মেছেজ দি আতিশাৰ্য চলাই আহিছিল ৷ অৱশেষত কাকপথাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ছাত্ৰীগৰাকীয়ে ৷ পূৰ্বতেও বিভিন্ন মহিলাই এই বিজেপি নেতাজনৰ বিৰুদ্ধে ছ'চিয়েল মিডিয়াত ৰাজহুৱাকৈ অশ্লীল মেছেজ দিয়াৰ অভিযোগ উত্থাপন কৰিছিল ৷

বিজেপিৰ নেতাৰ কুকীৰ্তি

থানাত এজাহাৰ দাখিল কৰা ছাত্ৰীগৰাকীৰ লগতে স্থানীয় যুৱক আৰু পৰিয়ালবৰ্গই মনোজ মানকিৰ ওপৰত শাস্তি বিহাৰ দাবী জনাইছে ৷ তিনিটাকৈ সন্তানৰ পিতৃ মনোজ মানকিৰ বিৰুদ্ধে বিজেপিয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ৷

বিজেপিৰ নেতাৰ কুকীৰ্তি

লগতে পঢ়ক :ৰঙাপৰাত ভুৱা পৰিচয়েৰে ধৰ্মান্তকৰণৰ চেষ্টা কিশোৰীক

ABOUT THE AUTHOR

...view details