মাৰ্ঘেৰিটা, 28 আগষ্টঃ এন এছ চি এন (আৰ)ৰ সদস্যই অৰুণাচল প্ৰদেশৰ দক্ষিণ চাংলাং খিময়ুং প্ৰশাসনিক চক্ৰৰ জংজি হাবি গাঁৱৰ ৱিংখেং চলঠিঙৰ পুত্ৰ হেংকন চলঠিঙ(৩৭)ক বাঁহৰ লাঠিৰে মৰিয়াই মৰিয়াই হত্যা কৰা বাতৰিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলত । জানিব পৰা মতে এন এছ চি এন (কে) গোটৰ হৈ ধন সংগ্ৰহৰ অভিযোগৰ দোহাই দি এন এছ চি এন (আৰ)ৰ সদস্যই হেংকনক এইদৰে নিৰ্মমভাৱে মৰিয়াই হত্যা কৰে ।
এই ঘটনাৰ পিছতে হেংকনক মেডিকেললৈ নিয়া হৈছিল যদিও নিশা 10:30 বজাত তেওঁৰ মৃত্যু হয় ৷ নিশায়ে পৰিয়ালৰ লোকে হেংকনক ঘৰলৈ লৈ যায় ৷
NSCN(R)ৰ সদস্যই হত্যা কৰিলে এজনক
অৰুণাচল প্ৰদেশৰ দক্ষিণ চাংলাং খিময়ুং প্ৰশাসনিক চক্ৰৰ জংজি হাবি গাঁৱৰ ৱিংখেং চলঠিঙৰ পুত্ৰ হেংকন চলঠিঙ(৩৭)ক বাঁহৰ লাঠিৰে মৰিয়াই মৰিয়াই হত্যা কৰা বাতৰিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলত ।
NSCN(R)ৰ সদস্যই হত্যা কৰিলে এজনক
জানিব পৰা মতে, গাঁৱৰ লোকে পৰিয়ালৰ লোকক আৰক্ষীৰ ওচৰত গোচৰ তৰিবলৈ অনুৰোধ কৰিছে যদিও মান্তি হোৱা নাই পৰিয়ালৰ লোক ৷