অসম

assam

ETV Bharat / state

NSCN K Terror: লেখাপানিৰ টিপঙত নগা উগ্ৰপন্থীৰ সন্ত্ৰাস; দুই গাড়ী চালকক মাৰপিট - Extortion cases in Tinsukia

লেখাপানিস্থিত টিপঙৰ ফায়াৰিং ৰেঞ্জ নামৰ অঞ্চলত নগা উগ্ৰপন্থী সংগঠনৰ সন্ত্ৰাস ৷ দিন-দূপৰতে দুই গাড়ী চালকক মাৰপিট ৷ অবৈধ কয়লা ব্যৱসায়ীৰ পৰা ধনদাবীক কেন্দ্ৰ কৰি এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ ৷ ঘটনাস্থলীত অভিযান ভাৰতীয় সেনাৰ ৷

NSCN K Terror
লেখাপানিৰ টিপঙত নগা উগ্ৰপন্থীৰ সন্ত্ৰাস; দুই গাড়ী চালকক মাৰপিট

By

Published : Mar 1, 2023, 8:04 PM IST

লেখাপানিৰ টিপঙত নগা উগ্ৰপন্থীৰ সন্ত্ৰাস; দুই গাড়ী চালকক মাৰপিট

তিনিচুকীয়া, 1 মাৰ্চ: তিনিচুকীয়াৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত লেখাপানিস্থিত টিপঙৰ ফায়াৰিং ৰেঞ্জ নামৰ অঞ্চলত সন্দেহজনক নগা উগ্ৰপন্থী সংগঠন এন এছ চি এন (কে)(NSCN) ৰ সন্ত্ৰাস ৷ উগ্ৰপন্থী সংগঠনটোৰ সদস্যই দুগৰাকী গাড়ী চালকক পিষ্টল দেখুৱাই প্ৰদান কৰে ভাবুকি ৷ যি ঘটনাকলৈ এতিয়া অঞ্চলটোত সৃষ্টি হৈছে চাঞ্চল্যৰ (NSCN K terror at Tipong) ৷

বিষ্ণু ৰাভা আৰু মুজিবুৰ ৰহমান নামৰ দুই গাড়ীৰ চালকক NSCN (K)ৰ তিনি সদস্যই পিষ্টল দেখুৱাই ভাবুকি দিয়াৰ লগতে মাৰপিট কৰাৰো তথ্য পোহলৈ আহিছে ৷ তথ্য অনুসৰি এন এছ চি এন (কে)ৰ ৰাম প্ৰধান নামৰ স্বয়ম্ভূ কামাণ্ডাৰজনৰ নেতৃত্বত অহা এটা তিনিজনীয়া দলে চলাইছিল এই সন্ত্ৰাস (NSCN K terror at Lekhapani) ৷

অবৈধ কয়লা ব্যৱসায়ীৰ পৰা ধনদাবী কৰাক কেন্দ্ৰ কৰি এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে (Coal smuggling in Tinsukia) ৷ দিন-দূপৰতে এই ঘটনা সংঘটিত হোৱাৰ পাচতেই অঞ্চলটোত তীব্ৰ অভিযান অব্যাহত ৰাখিছে ভাৰতীয় সেনাৰ এটা বৃহৎ দলে ৷ ইফালে, এন এছ চি এন (কে)ৰ দলটোৰ প্ৰহাৰত আঘাতপ্ৰাপ্ত লোককেইজনক ভৰ্তি কৰোৱা হয় সমীপৱৰ্তী চিকিৎসালয়ত ৷

উল্লেখ্য যে, মাৰধৰ কৰা ব্যক্তিকেইজনৰ অবৈধ কয়লা ব্যৱসায়ী মালিক জনৈক ‘‘চেনাই দা’’ ৰ পৰা 10 লাখ টকা নগা উগ্ৰপন্থী দলটোৱে দাবী কৰিছে বুলি জানিব পৰা গৈছে (Extortion from coal mafia) । উল্লেখ্য যে, টিপং, লালপাহাৰ,পাহাৰপুৰ, ফিনবিৰ, বালীজান, খান্দু আদি অঞ্চলত ব্যাপক ৰূপত শেহতীয়াকৈ অবৈধ কয়লা বেহা চলি থকাৰ সমান্তৰালভাৱে বিভিন্ন উগ্ৰপন্থী সংগঠনে এনে অবৈধ কয়লা ব্যৱসায়ীৰ পৰা ধন দাবী কৰি অহাৰ তথ্যও পোহৰলৈ আহিছে ৷

কিছুদিন পূৰ্বে অসম আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু হোৱা উদয় অসমো অবৈধ কয়লা ব্যৱসায়ীৰ পৰা ধন সংগ্ৰহ কৰিবলৈ আহি নিহিত হৈছিল বুলি আৰক্ষীৰ সূত্ৰই ইতিমধ্যেই প্ৰকাশ কৰিছে (ULFA I cadre killed in Tinsukia) । সমান্তৰালভাৱে কেইবাটাও উগ্ৰপন্থী সংগঠনে বহু ব্যৱসায়ীলৈ ধনদাবী পত্ৰ প্ৰেৰণ কৰাৰ তথ্যও পোহৰলৈ আহিছে (Extortion cases in Tinsukia) ৷

অন্যহাতে লেখাপানী থানাৰ অন্তৰ্গত বিভিন্নস্থানত চলি থকা অবৈধ কয়লাবেহা বন্ধ কৰাৰ বিপৰীতে লেখাপানী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজন কয়লা মাফিয়াৰ পকেটত বুলি অভিযোগ উত্থাপন হৈছে ।

লগতে পঢ়ক:Pranjal Moran Missing case: টিৰাপ কলিয়ৰীৰ কয়লা খনিত অসম মৰাণ সভাৰ সঁজাতী দল

ABOUT THE AUTHOR

...view details