অসম

assam

By

Published : Oct 18, 2020, 12:41 PM IST

ETV Bharat / state

অসম ৰাইফলছ আৰু NSCN-K ৰ মাজত প্ৰচণ্ড গুলিয়াগুলী

অৰুনাচলৰ টিৰাপ জিলাত অসম ৰাইফলছ আৰু এন এছ চি এনৰ মাজত প্ৰচণ্ড গুলিয়াগুলী ৷ থিতাতে নিহত এজন এন এছ চি এন কেডাৰ ৷

NSCN-K cadre was killed in an encounter at Longding district of Arunachal Pradesh on Saturday wakka Longding encounter IndianArmy
অসম ৰাইফলছ আৰু NSCN-K ৰ মাজত প্ৰচণ্ড গুলিয়াগুলী

মাৰ্ঘেৰিটা,18 অক্টোবৰঃঅৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ উগ্ৰপন্থীৰ বিৰুদ্ধে তীব্ৰ অভিযান। অৰুনাচল প্ৰদেশৰ টিৰাপ জিলাৰ অন্তৰ্গত ৱাংচুৰ চেংককৰ ঘন অৰণ্যত দেওবাৰে পুৱা প্ৰায় ৩ মান বজাত ৬ নং অসম ৰাইফলছ আৰু এন এছ চি এন(কে) গোটৰ মাজত প্ৰচণ্ড গুলিয়াগুলীৰ ঘটনা সংঘটিত হয় ৷

গোপন সুত্ৰে পম খেদি ৬ নং অসম ৰাইফলছৰ এটা বৃহৎ দলে ঘন অৰণ্যত অভিযান চলাই এজন এন এছ চি এন (কে) গোটৰ দুধৰ্ষ কেডাৰক গুলিয়াই হত্যা কৰে ৷ মৃত কেডাৰ জনৰ নাম গানজন ৱাংছা বুলি জানিব পৰা গৈছে ৷ নিহত কেডাৰ গৰাকীৰ পৰা সেনাই এটা পিষ্টল সহ বহু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে ৷ বৰ্তমান সমগ্ৰ অঞ্চলটোত ভাৰতীয় সেনা আৰু অৰুণাচল আৰক্ষীয়ে উগ্ৰপন্থীৰ বিৰুদ্ধে কটকটীয়া অভিযান অব্যাহত ৰাখিছে ।

লগতে পঢ়কঃ বিলাসীপাৰাত বন বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ

ABOUT THE AUTHOR

...view details