অৰুণাচলৰ খাৰচাঙত আছাম ৰাইফলছৰ অভিযান, মেজৰ সহ দুই নগা উগ্ৰপন্থী আটক - অৰুণাচল
৩ আগষ্ট পৰা চলা এই অভিযানত এন এছ চি এন (আৰ) শিবিৰ উৎখাত কৰাৰ লগতে বহু আপত্তি জনক নথিপত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছে অসম ৰাইফলছৰ দলটোৱে
মাৰ্ঘেৰিটা, ৫আগষ্টঃ তিনিচুকীয়া জিলাৰ সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত নগা বিদ্ৰোহী সংগঠন বিৰুদ্ধে ভাৰতীয় সেনাই ব্যাপক অভিযান ৷ প্ৰাপ্ত খবৰ অনুসৰি অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ খাৰচাং নামগৈ বনাঞ্চলত অসম ৰাইফলছৰ এটা দলে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলাই এন এছ চি এন (আৰ)ৰ এটা শিবিৰ উৎখাত কৰাৰ লগতে এগৰাকী স্বয়ম্ভূ মেজৰ সহ দুজন সদস্যক গ্ৰেপ্তাৰ কৰিছে ৷ ৩ আগষ্ট পৰা চলা এই অভিযানত এন এছ চি এন (আৰ) শিবিৰ উৎখাত কৰাৰ লগতে বহু আপত্তি জনক নথিপত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছে অসম ৰাইফলছৰ দলটোৱে ৷ নিৰাপত্তা বাহিনীয়ে বৰ্তমানেও অভিযান চলাই থকাৰ বাবে উগ্ৰপন্থী কেইজনৰ নাম ঠিকনা লাভ কৰিবলৈ সক্ষম হোৱা নাই যদিও এন এছ চি এন (আৰ)ৰ বিৰুদ্ধে এইয়া এক মুখ্যম আঘাত বুলি সেনাৰ এক সূত্ৰত প্ৰকাশ ৷