তিনিচুকীয়া,15 আগষ্টঃ শনিবাৰে ভাৰতীয় সেনাৰ চোৰাংচোৱাৰ এটা দলে অভিযান চলাই নিউ চাংলাঙৰ পৰা আটক কৰে এগৰাকী দুধৰ্ষ NSCN(K-YA) ৰ কেডাৰ । আটকাধীন কেডাৰ গৰাকী আইহ কন্যাক বুলি জানিব পৰা গৈছে ।
ধৃত কেডাৰ গৰাকীয়ে ২০১১ চনৰ পৰা নিষিদ্ধ সংগঠনটোত কাম কৰি থকাৰ লগতে বিভিন্ন সময়ত ধন দাবী অপহৰণ আদিৰ সৈতে জড়িত আছিল । আটকাধীন কেডাৰ গৰাকীৰ পৰা নগদ ৫১০০ টকা সহ এটা ম'বাইল ফোন , বেগ আৰু এযোৰ সামৰিক পোচাক জব্দ কৰে সেনাই । ইফালে আটকাধীন কেডাৰ গৰাকীক ইতিমধ্যে চাংলাঙৰ আৰক্ষীক চমজাই দিছে ভাৰতীয় সেনাই ।
অৰুণাচলৰ চাংলাঙত আটক দুধৰ্ষ NSCN(K-YA) ৰ কেডাৰ - ধন দাবী অপহৰণ
২০১১ চনৰ পৰা নিষিদ্ধ সংগঠনটোত কাম কৰি থকাৰ লগতে বিভিন্ন সময়ত ধন দাবী অপহৰণ আদিৰ সৈতে জড়িত আছিল NSCN(K-YA) ৰ কেডাৰ আইহ কন্যাক ৷

অৰুণাচলৰ চাংলাঙত আটক এগৰাকী দুধৰ্ষ NSCN(K-YA) ৰ কেডাৰ