অসম

assam

ETV Bharat / state

নাগালেণ্ডত আছাম ৰাইফলছৰ সৈতে আলফা-এনএছচিএনৰ সংঘৰ্ষ

দেওবাৰে পুৱতি নিশা নাগালেণ্ডৰ মন জিলাত আছাম ৰাইফলছৰ সৈতে সংঘৰ্ষত লিপ্ত হয় এনএছচিএন আৰু আলফা স্বাধীনৰ এটা দল ৷ 40 আছাম ৰাইফলছৰ এটা পহৰাদাৰী দলৰ ওপৰত বিদ্ৰোহী সংগঠন দুটাৰ 50 জনীয়া দলে চলায় এই ভয়ংকৰ আক্ৰমণ ৷

সংঘৰ্ষস্থলীৰ দৃশ্য

By

Published : Oct 20, 2019, 3:20 PM IST

তিনিচুকীয়া, 20 অক্টোবৰঃ দেওবাৰে পুৱতি নিশা পুনৰ ৰক্তাক্ত হৈ পৰে নাগালেণ্ডৰ মন জিলা ৷ আছাম ৰাইফলছৰ সৈতে সংঘৰ্ষত লিপ্ত হয় বিদ্ৰোহী সংগঠন এনএছচিএন(খাপলাং) আৰু আলফা স্বাধীনৰ এটা 50জনীয়া বিদ্ৰোহীৰ দলে ৷

মন জিলাৰ শ্বেনলইশ্ব বস্তিত সংঘটিত হয় এই ভয়ংকৰ এম্বুশ্ব ৷ 40 আছাম ৰাইফলছৰ এটি পহৰাদাৰী দলৰ ওপৰত লক্ষ্য কৰি পূৰ্বৰে পৰাই খাপ পিটি থকা বিদ্ৰোহীৰ দলটোৱে চলাই এই ভয়ংকৰ আক্ৰমণ ৷ বিদ্ৰোহী দলটোৰ আক্ৰমণৰ ফলত আছাম ৰাইফলছৰ এজন জোৱান গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে ৷

সংঘৰ্ষস্থলীৰ দৃশ্য

সমগ্ৰ আক্ৰমণৰ ঘটনাটো আলফা স্বাধীনৰ ইষ্টাৰ্ণ কামাণ্ডৰ কামাণ্ডাৰ নয়ন মেধি আৰু এনএছচিএন (খাপলাং)ৰ কামাণ্ডাৰ ন্যামলাঙৰ নেতৃত্বত হোৱা বুলি সন্দেহ কৰিছে সেনাৰ চোৰাংচোৱাই ৷ ইতিমধ্যে সমগ্ৰ অঞ্চলটো সেনাৰ লগতে আছাম ৰাইফলছে ঘেৰি লৈ তালাচী অভিযান অব্যাহত ৰাখিছে ৷

উল্লেখ্য যে, চলিত বৰ্ষৰ মে' মাহতো মন জিলাৰ ম্যানমাৰ সীমান্তৱৰ্তী উষা আৰু তবু নামৰ ঠাইত ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিছিল এনএছচিএন(খাপলাং) গোটে ৷ এই আক্ৰমণত আছাম ৰাইফলছৰ দুজনকৈ ৰাইফলমেন শ্বহীদ হৈছিল ৷

ABOUT THE AUTHOR

...view details